অসম

শৰাইঘাট পীচ ফাউণ্ডেশ্যনৰ প্ৰসংশনীয় পদক্ষেপ

সংবাদদাতা, বাইহাটা চাৰিআলি: নাৰী সৱলীকৰণৰ দিশে আৰু এখোজ। শৰাইঘাট পীচ ফাউণ্ডেশ্যন নামৰ এটি বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন। এই সংগঠনটোৱে গ্ৰহণ কৰি আহিছে আদৰণীয় পদক্ষেপ। বৰ্তমান নাৰী শক্তিটোক সমাজৰ এক অন্যতম শক্তি হিচাপে প্ৰতিষ্ঠা কৰাটোৱে হৈছে ইয়াৰ মূল উদ্দেশ্যে। মহিলা সকলে যাতে ঘৰতে থাকি নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তুলিব পাৰে তাৰ এক উদ্দেশ্য আগত ৰাখি শৰাইঘাট পীচ ফাউণ্ডেশ্যনে কমলপুৰ জনপ্ৰিয় ক্লাৱত ৰূপায়ণ কৰে এক প্ৰশিক্ষণ শিৱিৰ। শিৱিৰটোত হাতৰ কানৰ গলৰ আদিকে বিভিন্ন আ অলংকাৰ বনোৱা বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। পৰ্যায়ক্ৰমে প্ৰায় দুশ গৰাকী মহিলাক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে শৰাইঘাট পীচ ফাউণ্ডেশ্যনৰ উদ্যোগতা তথা অধিবক্তা চুমী মেধীয়ে। শিৱিৰটোত ময়ূৰাক্ষী দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট মহিলা উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: