অসম

সংযুক্ত যুৱক সংঘৰ প্ৰতিষ্ঠা দিৱস

সংবাদদাতা, পশ্চিম যোৰহাট:- সংযুক্ত যুৱক সংঘৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস ২৯, ৩০ ডিচেম্বৰত আজান গাঁৱৰ লক্ষেশ্বৰ বৰা স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত কৰিব। প্ৰথম দিনা পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি, গছ-পুলি ৰোপণৰ পাছতে চিত্ৰাংকণ, সংগীত চকী, ভেশচন প্ৰতিযোগিতাৰ পাছতে নিশালৈ দুতিৰাম-গুঠু কলিতাৰ সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। দ্বিতীয় দিনা পুৱাবেলা অংক দৌৰ, কবিতা আবৃত্তি, দুপৰীয়া কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতে পুৰস্কাৰ বিতৰণ, সম্বৰ্ধনা অনুষ্ঠান আৰু নিশালৈ অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান। ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: