অসম

সকলোৱে ভালকৈ থাকিব, নগাঁৱক মিছ কৰিমঃ আনন্দ মিশ্ৰ

নিউজ ডেস্ক:- আজি নগাঁৱৰ পৰা বিদায় ল’লে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। কীৰ্তিকমল বৰাৰ গুলিচালনা কাণ্ডক লৈ নগাঁও আৰক্ষীৰ ওপৰত উঠা সন্দেহৰ আঙুলিৰ মাজতে অতিৰিক্ত মুখ্য সচিবৰ এজনীয়া তদন্ত সমিতিয়ে দাখিল কৰিছিল তদন্তৰ প্ৰতিবেদন। তদন্ত সমিতিৰ প্ৰতিবেদনত নগাঁও আৰক্ষীৰ এন্টি নাৰকটিক স্কোৱাডে সংঘটিত কৰা এনকাউণ্টাৰ ভুল আছিল বুলি একপ্ৰকাৰ স্পষ্ট হোৱাৰ পিছতে পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল আনন্দ মিশ্ৰ। আনহাতে, বুধবাৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সংবাদমেল সম্বোধন কৰি পুনৰ কীৰ্তিকমল বৰাক ড্ৰাগছ পেডলাৰ সজোৱাৰ চেষ্টা কৰাৰ উপৰিও “চান্দা পাৰ্টিৰ মানুহ”ৰূপে অভিহিত কৰে। আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদমেল সম্বোধন কৰাৰ কিছু সময় পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আনন্দ মিশ্রক নগাঁৱৰ পৰা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হয়। আনহাতে বৃহস্পতিবাৰে আনন্দ মিশ্ৰই নগাঁৱৰ পৰা বিদায় লোৱা সময়ত ধন্যবাদ জনায় সকলোকে। নগাঁৱক মিছ কৰিব বুলি কৈ তেওঁ সকলোকে ভালকৈ থকাৰ কামনা কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button