অসম

সত্ৰীয়া সংগীতৰ প্রথম গৰাকী গৱেষক ডঃ জগন্নাথ মহন্তৰ মৃত্যু দিৱস পালন

সংবাদদাতা, পূব যোৰহাট:- অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ জগন্নাথ মহন্তৰ আজি অষ্টম সংখ্যক মৃত্যু দিৱস। ২০১৪ চনৰ ১৬ মাৰ্চত সত্ৰীয়া সঙ্গীতৰ প্ৰথমগৰাকী গৱেষক পণ্ডিত ডঃ জগন্নাথ মহন্তই মৃত্যু বৰণ কৰিছিল। সত্ৰীয়া সংগীতৰ ব্যাকৰণ সন্মত পুথি প্ৰস্তুত কৰাৰ লগতে এচাম শিল্পীক পৈণত কৰি তোলা এইগৰাকী গৱেষকৰ একালৰ কৰ্মক্ষেত্ৰ অসম সত্ৰীয়া সংগীত মহাবিদ্যালয় ৰজাবাৰী যোৰহাটত শিক্ষক -কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ সহযোগত স্মৃতিচাৰণ কৰি তেখেতৰ গুণাৱলী ৰোমন্থন কৰা হয়। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা দেৱনন্দ বৰাই আঁত ধৰা অনুষ্ঠানত সমজুৱা ভাবে এফাঁকি ঘোষাৰে আত্মাৰ চিৰশান্তি কামনা কৰা হয়। অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ শিক্ষক দিলীপ ভূঞা, সহকৰ্মী নন্দিতা বৰুৱা, প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান সংগতকাৰী সঞ্জীৱ কছাৰীয়ে ব্ক্তব্য ৰখাৰ লগতে সত্ৰীয়া সংগীতৰ এই গৰাকী মনীষীৰ স্মৃতি ৰক্ষাৰ বাবে মহাবিদ্যালয়ত এটি স্থায়ী কাম হাতত লবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়।

Show More

Leave a Reply

Your email address will not be published.

Back to top button