অসম

সদৌ অসম গোর্খা ছাত্ৰ সন্থা টংলা আঞ্চলিকৰ নতুন সমিতি গঠন

সংবাদদাতা, টংলা : অলপতে টংলাত সদৌ অসম গোর্খা ছাত্ৰ সন্থা টংলা আঞ্চলিক সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশনখনি সম্পন্ন হয় যায়। উক্ত অধিবেশন খনিৰ লগত সংগতি ৰাখি মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী

পৰীক্ষাৰ্থীৰ বাবে এখিনি শৈক্ষিক কৰ্মশালাও অনুষ্ঠিত হয়। আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি তয়া উপাধ্যায় আৰু সম্পাদক বিজু বৰাল দেৱৰ নেতৃত্বত যোৱা চাৰিটা বছৰ আঞ্চলিক সমিতিৰ নেতৃত্ব দি আহিছিল।

পুৰণা সমিতিৰ কাৰ্যকাল উকলি যোৱাত উক্ত অধিবেশনত পুৰণা সমিতি ভঙ্গ কৰি  পিংকুৰাজ ছেত্ৰীক সভাপতি, মনোজ চিগদেলক সম্পাদক, অভিজিত ছেত্ৰী আৰু বিজু যোগীক সাংগঠনিক সম্পাদক, চুৰজ কাৰ্কীক শিক্ষা সম্পাদক, বিলাশ ভুছাল আৰু হংশৰাজ ছেত্ৰীক সাংস্কৃতিক সম্পাদক হিচাপে লৈ নতুন  আৰু সবল সমিতি গঠন কৰা হয়।

উক্ত নতুন সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানটোত উপস্থিত থাকে ক্ৰমে টংলা আঞ্চলিক গোর্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সম্পাদকৰ লগতে  সদৌ অসম গোর্খা ছাত্র সন্থাৰ কাৰ্যকৰী সদস্য ত্ৰিদেৱ বিষ্ট  লগতে অনুষ্ঠানত শপত বাক্য পাঠ কৰায় ওদালগুৰি জিলা গোর্খা ছাত্ৰ সন্থাৰ সদস্য কিৰণ চিগদেলে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: