অসম

সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ সংবাদমেল

সংবাদদাতা, মেৰাপানী:- চৰকাৰে দাবী নামানিলে ৰাজপথলৈ ওলাই প্ৰতিবাদ কৰাৰ হুংকাৰ, আজি সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ বেচৰকাৰী স্বাস্থ্য কমীৰ সন্থাৰ এখনি সংবাদমেল অনুষ্ঠিত হয়, সংবাদমেলত অস্থায়ী স্বাস্থ্য কমী সন্থাৰ সম্পাদক বাবুল দাসে বিধান সভাত অসমৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সকলৰ হৈ বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া প্ৰশ্ন উত্তৰত স্বাস্থ্য মন্ত্ৰী মহোদয়ৰ ভাষ্য সন্তুষ্ট নহয় সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকল বুলি দাবী কৰে, প্ৰতিখন জিলাৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ৰ বিভিন্ন বিভাগত অস্থায়ী স্বাস্থ্য কৰ্মচাৰী হিচাপে আজি 20/25 কাম কৰি থকাৰ অৱস্থাত অসম চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰাত আজি সংবাদমেল যোগেদি পুনৰ অসমৰ সন্মানীয় মুখ্য মন্ত্ৰী ডাঙৰীয়াক আহ্বান জনায় তেওঁ লোক যি কামৰ মূল্য তাক প্ৰদান কৰিবলৈ, চৰকাৰী স্বাস্থ্য কৰ্মচাৰী সকলৰ দৰে সুবিধা প্ৰদান কৰিবলৈ, covid 19 সময়ত অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সকলে নিজৰ জীৱন তুচ্ছ কৰি কৰ’না ৰোগীৰ লগত দিনে-ৰাতিয়ে নিজৰ দায়িত্ব পালন কৰি আহিছে। দিনে ৰাতিয়ে ডিউটি পালন কৰা পিছত কৰ্মী সকলকঅসম চৰকাৰে যদি অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সকলৰ কোনো সিদ্ধান্ত নলয় তেতিয়া অসমৰ প্ৰতিখন জিলাত ৰাজপথলৈ ওলাই পতিবাদ কাৰ্যসূচী ল’ব বুলি সংবাদ মাধ্যমৰ আগত হুংকাৰ দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: