অসম

সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধনশিৰি মহকুমা সমিতি গঠন

সংবাদদাতা, সৰুপথাৰঃ- গোলাঘাট জিলা ধনশিৰি মহকুমাৰ সৰুপথাৰত সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। জিলা সমিতিৰ ভাৰঃপ্ৰাপ্ত সভাপতি অনুপ দত্তৰ সভাপতিত্বত হোৱা সভাত কুলদ্বীপ সন্দিকৈক সভাপতি আৰু ধৰণী জনচনক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া সমিতি গঠন কৰে। উক্ত সভাত সৰুপথাৰত বিহুৰ ৰ্কমশালা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখ্যযে উক্ত প্ৰতিনিধি সভাত কেন্দ্ৰীয় সহকাৰী সম্পাদক নিপন গগৈ, জিলাৰ সহকাৰী সম্পাদক পৃথীব নেওঁগ, বিত্ত সম্পাদক শান্তনু চেতীয়াকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে বুলি জিলা সমিতিৰ সম্পাদক ৰাকেশ গগৈয়ে প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়ে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button