অসম

সদৌ অসম ভিত্তিক প্ৰাইজমাণি দিহানাম প্ৰতিযোগিতাৰ আয়োজন

সংবাদদাতা, বাহনা:- শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ, মেলেং আঞ্চলিক শাখাৰ সোণালী জয়ন্তী বৰ্ষপূৰ্তি উৎসৱৰ বিভিন্ন কাৰ্যসূচীৰ লগতে সদৌ অসম ভিত্তিত প্ৰাইজমাণি দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। মিলিত বছাপথাৰ আঞ্চলিক শাখা আৰু মিলনজ্যোতি ঘৰফলীয়া প্ৰাথমিক শাখাৰ আতিথ্যত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তী বৰ্ষৰ দ্বিতীয় কাৰ্যসূচীৰ দিহানাম প্ৰতিযোগিতা অহা জানুৱাৰী মাহৰ ৯ তাৰিখে বছাপথাৰ বৰগুৰি শংকৰী সাংস্কৃতিক চৰ্চা কেন্দ্ৰত অনুষ্ঠিত হ’ব। আইমাতৃ আৰু যুৱতী শাখাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক দলসমূহক চলিত মাহৰ ২৫ ডিচেম্বৰৰ ভিতৰত ৭০০২৪২৬৩৯৬, ৯৩৬৫৩০১৪৭৮, ৬০০২৬৭৬৭৬৫ নম্বৰত যোগাযোগ কৰিবৰ বাবে উদযাপন সমিতিৰ পৰা আহ্বান জনোৱা হৈছে। তদুপৰি মেলেং আঞ্চলিক শাখাৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰথম কাৰ্যসূচী শুভাৰম্ভণি অনুষ্ঠান ২০২২ বৰ্ষৰ জানুৱাৰী মাহৰ ৮ তাৰিখে আঞ্চলিক শাখাৰ নামঘৰত অনুষ্ঠিত হব। সমূহ বাপ, আইমাতৃৰ সহায়-সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়াই।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: