সদৌ টংলা ৰঙালী বিহুৰ উদ্যাপন সমিতি গঠন

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ ৭০ বছৰ গৰকা সদৌ টংলা ৰঙালী বিহু সন্মিলনীয়ে অহা ১, ২ আৰু ৩ ব’হাগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ লোৱা ৰঙালী বিহু উৎসৱ উদ্যাপনৰ বাবে অৱসৰপ্ৰাপ্ত শিক্ষক বিনোদ মহন্তক সভাপতি আৰু সাংবাদিক নাৰায়ণ ডেকাক সাধাৰণ সম্পাদকৰূপে মনোনীত কৰি উদ্যাপন সমিতিখন গঠন কৰি দিয়ে। টংলাস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি ভৱন প্ৰাংগণত সদৌ টংলা ৰঙালী বিহু সন্মিলনীৰ স্থায়ী সমিতিৰ সভাপতি প্ৰমোদ হাজৰিকাৰ সঞ্চালনাত আৰু সম্পাদক ৰমেশ চন্দ্ৰ ডেকাই আঁতধৰা ৰাজহুৱা সভাত চৰকাৰৰ নীতি-নিৰ্দেশনা অনুযায়ী ৰঙালী বিহু অনুষ্ঠিত কৰাৰ সপক্ষে সকলোৱে মতপোষণ কৰে। শোক প্ৰাৰ্থনাৰে অনুষ্ঠিত সভাত যতীন কুমাৰ ডেকা, জয়কান্ত শৰ্মা আৰু দিৱাকৰ বৰাৰ দ্বাৰা গঠিত পৰ্যবেক্ষক সমিতিয়ে ক্ৰমে গৌৰীশংকৰ দাস, বিৰেন ৰাভা, নাজিমূল হক আৰু দুলাল বৰুৱাক উপদেষ্টা, বিনোদ মহন্তক সভাপতি, শ্যামল দাসক কাৰ্যকৰী সভাপতি, ক্ৰমে উজ্জ্বল চন্দ্ৰ দাস আৰু ৰঞ্জি শইকীয়া ডেকাক উপ সভাপতি, নাৰায়ণ ডেকাক সাধাৰণ সম্পাদক, মল্লিকা ৰাভা আৰু পদ্ম ৰাভাক সহকাৰী সম্পাদক, হেমন্ত বৰা কোচক সাংস্কৃতিক সম্পাদক, মুক্তাৰাম ডেকাক মুকলি বিহু বিভাগৰ সম্পাদক, কনকসেন ডেকাক শোভাযাত্ৰা বিভাগৰ সম্পাদক, সোণাৰাম কুমাৰক ৰভা-মঞ্চ, তোৰণ আৰু শব্দ-পোহৰ বিভাগৰ সভাপতি, কৃষ্ণ শৰ্মা আৰু পংকজ শৰ্মাক খাদ্য বিভাগৰ দায়িত্ব দি মুঠ ৩১ জনীয়া সদস্যৰে সদৌ টংলা ৰঙালী উদ্যাপন সমিতিখন গঠন কৰি দিয়ে। সভাপতি জয়ন্ত দাস আৰু সম্পাদক হিচাপে ফটিক নন্দন ৰাভাক সদৌ টংলা ৰঙালী বিহুৰ মুখপত্ৰ কেতেকী সম্পাদনা সমিতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে এইবেলি সংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে জনপ্ৰিয় কৌতুক শিল্পী বেহাৰবাৰী আউপোষ্ট ধাৰাবাহিকৰ কে কে আৰু মোহনৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী গীতালি গীতৰ শৰাইয়ে ৰাইজক আপ্লুত কৰি তুলিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।