অসম

সদৌ বিটিচি অপ্ৰাদেশীত হাইস্কুল শিক্ষক-কৰ্মচাৰী সন্থাৰ ১৫ নৱেম্বৰত সাধাৰণ সভাৰ আয়োজন

সংবাদদাতা, টংলা:- সদৌ বিটিচি অপ্ৰাদেশিত হাইস্কুল শিক্ষক কৰ্মচাৰী সন্থাই বিটিচি অঞ্চলৰ শিক্ষক কৰ্মচাৰী সকলক একত্ৰিত কৰি ২০/৩০বছৰ ধৰি বিনা বেতনে শিক্ষা প্ৰদান কৰা শিক্ষক তথা কৰ্মচাৰী ,বিদ্যালয় প্ৰদেশীকৰণ, ২০২০ চনৰ ত্ৰিপাক্ষিক বড়ো শান্তি চুক্তি মতে অহা ডিচেম্বৰ মাহত ৬.৩ দফা কাৰ্যকৰী কৰি ১৩২২ গৰাকী শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীৰণ কৰাৰ লগতে ১২০খন হাইস্কুল প্ৰাদেশিকীৰণ কৰাৰ দাবীত এখন সাধাৰণ সভা কোকৰাঝাৰ জিলাৰ সাহিত্য সভা ভৱনত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে। সন্থাৰ কেন্দ্ৰীয় সভাপতি মথুৰা মোহন নাৰ্জাৰী ,সম্পাদক জগত ৰায়ে জানিবলৈ দিয়ামতে অসম চৰকাৰে ২০১১/১২ সংশোধনী আইন

আৰু ২০১৭/১৮ সংশোধনী আইন অনুসৰি দুবাৰকৈ বিদ্যালয় পদ প্ৰাদেশিকীকৰণ কৰিলে যদিও বিটিচি অঞ্চলত মাত্ৰ ২০খন হাইস্কুলহে চৰকাৰীকৰণ কৰিলে।‌ বিটিচি অঞ্চলৰ শিক্ষক কৰ্মচাৰী সকলক অন্যায় অবিচাৰৰ ন্যায় বিচাৰি মানৱীয় দৃষ্টিকোণেৰে চাবলৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু স্বাক্ষৰকাৰী নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিক কেবাটাও দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰা হব বুলি জানিব দিছে। সেয়ে বিটিচি অঞ্চলৰ প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষক, কৰ্মচাৰী, শিক্ষাগুৰু মণ্ডলী সকলক উক্ত গুৰুত্বপূৰ্ণ সভাখনিত উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনাইছে কেন্দ্ৰীয় সমিতিয়ে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button