অসম

সদৌ বৰ্মন মান্দাই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদুম বৰ্মনৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ

খৈৰাবাৰী আৰক্ষী থানাত এজাৰ দাখিল

সংবাদদাতা টংলা : সদৌ বৰ্মন মান্দাই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদুম বৰ্মনৰ ঘৰত প্ৰায় ২০-২৫ জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে৷ ওদালগুৰি জিলাৰ খৈৰাবাৰী শিঙিমাৰী গাঁৱৰ বৰ্মন মান্দাই ছাত্ৰ সন্থাৰ বিষয়ববীয়া জনৰ নিজ বাসগৃহত যোৱা ৩ জুন বৃহস্পতিবাৰে বিয়লি প্ৰায় ৬ মান বজাত চলিছিল দুৰ্বৃত্তৰ আক্ৰমণ৷ সন্ধিয়া ঘৰৰ পৰিয়ালৰ সৈতে বহি থকা অৱস্থাত হঠাৎ দুৰ্বৃত্তৰ দলটো আহি বৰ্মন মান্দাই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদুম বৰ্মনক অশ্লীল শব্দ প্ৰয়োগ কৰি দাবী ধমকি দিবলৈ আৰম্ভ কৰে গুণ্ডাবাহিনীৰ দলটোৱে৷ পদুম বৰ্মনক বচাবলৈ বৰ্মনৰ পিতৃ আৰু মাতৃয়ে

আগুৱাই আহোঁতে তেওঁলোকেও আঘাত প্ৰাপ্ত হয়৷ দুৰ্বৃত্ত দলটোৰ কেইজনমান যুৱকে চোতালত থকা চকী-টেবুল আদি ভাঙি নষ্ট কৰে৷ সংশ্লিষ্ট ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰি বৰ্মনে ৰান্ধনী ঘৰত সোমায় যদিও ঘৰটো ভাঙিবলৈ আৰম্ভ কৰে দুৰ্বৃত্তৰ দলটোৱে৷ ঘৰ ভাঙি থকা পৰ্যায়ত পৰিয়ালৰ এগৰাকী মহিলাই মোবাইলেৰে ভিডিঅ কৰি থকা দেখি দুৰ্বৃত্তৰ দলটোৰ এজনে মোবাইল কাঢ়িবলৈ চেষ্টা কৰে৷ পদুম বৰ্মনে খৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বৰ্মনে ফোন কৰি ঘটনাৰ সম্ভেদ দিয়াত ভাৰপ্ৰাপ্ত বিষয়া জনে ঘটনাস্থলীত উপস্থিত হৈ যদিও ইতিমধ্যে গুণ্ডা বাহিনীৰ দলটো

বৰ্মন মান্দাই ছাত্ৰ সন্থাৰ বিষয়ববীয়া জনক মৃত্যুৰ ভাবুকি দি ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ এই ঘটনা সন্দৰ্ভত সদৌ বৰ্মন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদুম বৰ্মনে খৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ গুণ্ডাবাহিনী দলটোৰ আক্ৰমণত আঘাত প্ৰাপ্ত হয় পদুম বৰ্মন আৰু তেওঁৰ পৰিয়ালৰ লোক৷ প্ৰশ্ন হয় কেনেকৈ ছাত্ৰ সংগঠনৰ এজন বিষয়ববীয়াক এনেদৰে নিজ বাসগৃহত আক্ৰমণ কৰি মৃত্যুৰ ভাবুকি দিয়াৰ সাহস ক’ত পালে? কি কাৰণত ছাত্ৰ সংগঠনৰ নেতা জনক এনেদৰে আক্ৰমণ কৰা হল? সংশ্লিষ্ট ঘটনাটোৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনে কি পদক্ষেপ লব সেয়াহে হ’ব লক্ষণীয়৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: