সদ্যপ্ৰয়াত বিশিষ্ট নাট্যকাৰ, পৰিচালক ডঃ জিণ্টু হাজৰিকাৰ পত্নী শিক্ষয়িত্ৰী মৌচুমী গগৈ হাজৰিকাৰ অকাল বিয়োগ

সংবাদদাতা, টীয়ক:- সদ্যপ্ৰয়াত বিশিষ্ট নাট্যকাৰ পৰিচালক ডঃ জিণ্টু হাজৰিকাৰ যোৱা ২৩ জানুৱাৰী নিশা মৃত্যু হোৱাছটা দিনৰ পাছতে ২৯ জানুৱাৰীৰ বিয়লি প্ৰায় দুই বজাত তেখেতৰ পত্নী মৌচুমী গগৈ হাজৰীকা(৪৩)ৰ অকাল মৃত্যুৱে সমগ্ৰ নকছাৰি-মৰিয়নিত শোকৰ ছাঁ পেলাইছে। পূব নকছাৰি হাইস্কুলৰ এগৰাকী ঠিকাভিত্তিক শিক্ষয়িত্ৰীৰূপে কৰ্মৰত মৌচুমী গগৈ হাজৰিকা হৃদৰোগত আক্ৰান্ত আছিল। ২৮ জানুৱাৰীৰ নিশা তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাত প্ৰথমে নকছাৰি ম’ডেল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পাছত নিশাই যোৰহাট মিছন চিকিৎসালয়লৈ লৈ অহা হয়। কিন্তু তেওঁ আজি বিয়লি প্ৰায় দুই বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৌচুমী গগৈ শিক্ষয়িত্ৰী হোৱাৰ লগতে এগৰাকী সুকণ্ঠী গায়িকাও আছিল। ডঃ জিণ্টু হাজৰীকাৰ প্ৰায় প্ৰতিখন নাটত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই স্বামীক এক প্ৰেৰণা যোগাইছিল। ডঃ জিনতু হাজৰীকা আৰু মৌচুমী গগৈ হাজৰীকাৰ যুগ্ম জীৱনৰ সাক্ষী হৈ ৰোৱা একমাত্ৰ পুত্ৰ ৰুচেমুং হাজৰীকা(১২) ঘৰখনত এতিয়া অকলশৰীয়া হৈ পৰিল। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে প্ৰয়াত মৌচুমী গগৈৰ শেষকৃত্যত ভাগ লৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পিতৃ-মাতৃৰ অৱৰ্তমানত প্ৰয়াত হাজৰীকা দম্পতীৰ সন্তান ৰুচেমুং হাজৰীকাৰ দায়িত্ব অসম চৰকাৰে ল’ব বুলি ঘোষণা কৰে। উল্লেখ্য ৰুচেমুং কিছু মানসিক প্ৰতিবন্ধকতাৰ সম্মুখীন হৈ আছে। মৌচুমী গগৈ হাজৰিকাৰ মৃতদেহ নকছাৰি মাছখোৱা গৃহ আহি পোৱাৰ লগে-লগে পূৱ নকছাৰি হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে শিক্ষক দুলাল চুতীয়াৰ নেতৃত্বত বিশেষ শ্ৰদ্ধা জনোৱাৰ লগতে আনুষ্ঠানিকতাৰ বিশেষ দায়িত্ব পালন কৰে। নকছাৰিৰ এগৰাকী শিক্ষয়িত্ৰী অকাল মৃত্যুত নকছাৰিৰ সন্তান শিক্ষা বিষয়া কমলজ্যোতি গগৈয়ে গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদগতি কামনা কৰিছে। সাংসদ তপন কুমাৰ গগৈ শোকাৰ্ত হৈ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছে। নকছাৰি জাতীয় বিদ্যালয়, নকছাৰি প্ৰাথমিক শিক্ষক সম্মিলনী, মৰিয়নী জিলা কৰ্মচাৰী পৰিষদ, নকছাৰি আছু, মৰিয়নি-নকছাৰি প্ৰেছ ক্লাৱ প্ৰমুখ্য বহু দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। মৌচুমী গগৈ হাজৰিকাৰ শেষকৃত্য নকচাৰি মাছখোৱাস্থিত বাসগৃহৰ চৌহদত সদ্যপ্ৰয়াত স্বামী ডঃ জিণ্টু হাজৰিকাৰ সমাধিৰ কাষতে সম্পন্ন কৰা হয়।