অসম

সন্ত্ৰাসৰ অন্য এক নাম লাডেনৰ মৃত্যু

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী খালিংদুৱাৰ বনাঞ্চলৰ পৰা খাদ্যৰ তাড়নাত জন-অৰণ্যৰ মাজলৈ নামি অহা বন্যহস্তীৰ জাকে দীৰ্ঘদিন ধৰি ঘাগ্ৰা, হাতীগড়, ভেলাকুটী অঞ্চলত সন্ত্ৰাহৰ সৃষ্টি কৰি আহিছিল। বন্যহস্তীৰ জাকটোৰ ভিতৰত ৰাইজে নাম দিয়া লাডেন নামৰ হাতীটো একপ্ৰকাৰে দিনে-নিশাই এই অঞ্চল সমূহত উপদ্ৰৱৰ সৃষ্টি কৰিছিল।

যাৰ ফলত নিশাটো বাদেই দিনতে মানুহে ঘৰত থকা অসুবিধা হৈ পৰিছিল। বহু লোকৰ ঘৰ-বাৰী, খেতি-পথাৰ অনিষ্ট কৰি একপ্ৰকাৰে তাণ্ডৱ চলাইছিল লাডেন নামৰ হাতীটো। যোৱা নিশা ঘাগ্ৰাত লাডেন নামৰ বয়স্ক মতা হাতীটোয়ে কৰুণ মৃত্যুক আঁকোৱালি লয়। হাতীটোৰ মৃত্যুয়ে একপ্ৰকাৰে ৰহস্য সৃষ্টি কৰিছে।

গাঁৱৰ ৰাইজে ৰাতিপুৱা প্ৰায় ৪ মান বজাত হাতীটো পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি বন বিভাগৰ লোকক খৱৰ দিয়ে। মৃত্যুৰ প্ৰাক মুহূৰ্তত হাতীটো বহু সময় চিঞৰ-বাখৰ কৰা বুলি ৰাইজে জনায়। ঘটনাস্থলীত পশু চিকিৎসক উপস্থিত হৈ লাডেনৰ মৃত্যু খাদ্যৰ বিষক্ৰিয়াৰ ফলত হোৱা বুলি প্ৰাৰম্ভিক পৰীক্ষাত অনুমান কৰা হৈছে বুলি জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: