অসম

সপ্তম দিনাও স্তব্ধ হৈ ৰ’ল পূৱ-মঙলদৈ উঃ খণ্ডৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কাম-কাজ

কাণসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ

সংবাদদাতা, ধূলা: সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত সমগ্ৰ অসমৰ লগতে দৰং জিলা পূব মঙলদৈ উন্নয়ন খণ্ডতো কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে। যাৰ বাবে উন্নয়ন খণ্ডৰ সকলো ধৰণৰ কাম-কাজ বন্ধ হৈ পৰিছে। পূৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্ট কাললৈ ৰূপায়ণ কৰা ধৰ্মঘটৰ আজি সপ্তম দিনত ভৰি দিলে। চৰকাৰৰ ফালৰ পৰা ফলপ্ৰসূ সঁহাৰি নাপালে দীৰ্ঘদিনীয়া হ’ব প্ৰতিবাদৰ সময়সূচী। কৰ্মচাৰীসকলে উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখত কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘটত উত্থাপন কৰা দাবী সমূহ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ জড়িয়তে সমাধানৰ দাবী জনায় কৰ্মচাৰী সকলে। কৰ্মচাৰী সকলৰ ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ ROP ৰ ব্যৱস্থা কৰা, সকলো কৰ্মচাৰীৰ সমকামৰ সমবেতন নীতি প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা, বিভাগত খালি হোৱা প্ৰতিটো পদৰ বিপৰীত অভিজ্ঞতা আৰু যোগ্যতা অনুসৰি সকলো ঠিকা ভিত্তিক কৰ্মচাৰীক বিভাগীয় ভাবে পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰা আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ দাবীৰে পূব মঙলদৈ উন্নয়ন খণ্ডৰ সকলো ঠিকা ভিত্তিক কৰ্মচাৰীয়ে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰতিবাদকাৰী সকলে আজি হাতে হাতে প্লে কাৰ্ড লৈ আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্লোগানেৰে কঁপাই তোলে প্ৰতিবাদস্থলী। চৰকাৰে দাবী সমূহ মানি নললে অনিৰ্দিষ্ট কাললৈ উক্ত কাৰ্যসূচী চলিব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী সকলে জানিবলৈ দিয়ে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button