অসম

সমাজকৰ্মী ডিম্বেশ্বৰ ৰাজবংশীৰ স্মৃতিচাৰণ, পুষ্পাঞ্জলি উন্মোচন

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাটৰ চেউনী গাঁৱৰ নিবাসী, সমাজকৰ্মী, বিজেপি নেতা ডিম্বেশ্বৰ ৰাজবংশীৰ ২৫ নৱেম্বৰত আকস্মিকভাৱে মৃত্যু হয়। ১৯৫২ চনৰ পহিলা মাৰ্চত কোকৰাঝাৰত জন্ম হোৱা আৰু যোৰহাটতে প্ৰাথমিকৰ পৰা শিক্ষা গ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিভাগত কৰ্মৰত অৱস্থাতে স্বৰ্গগামী হোৱা ৰাজবংশীৰ স্মৃতি চাৰণ অনুষ্ঠান বাসগৃহতে বিজেপি যোৰহাট জিলাৰ অন্তৰ্গত বাঘচোং মণ্ডলৰ উদ্যোগত ৪৮ নং উত্তৰ নামনি চৰাইবাহী গাঁও পঞ্চায়তে স্থানীয় ৰাইজৰ উপস্থিতিত ১০ ডিচেম্বৰত পালন কৰে। উক্ত অনুষ্ঠানতে দ্বিজেন বৰবৰাৰ সম্পাদনাত প্ৰকাশিত পুষ্পাঞ্জলি নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে অজিত বৰাই। ডিম্বেশ্বৰ ৰাজবংশীৰ প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰি ধূপ-দীপ প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰি ৰাজবংশীৰ কৰ্মময় জীৱন আৰু সান্নিধ্যত লাভ কৰা অভিজ্ঞতা ব্যাখ্যা কৰে ৰকিবুল জামান, কৰবী চক্ৰৱৰ্তী, ঈশ্বৰ প্ৰসন্ন বৰদলৈ, জীৱন চক্ৰৱৰ্তী, প্ৰভাত শইকীয়া, ৰশ্মীৰেখা চিৰিংফুকন গগৈ প্ৰমুখ্যে বিভিন্ন গৰাকীয়ে। এই উদ্দেশ্যে অতুল বুঢ়াগোহাঁইয়ে বাইবেল, গুণেশ্বৰ গগৈয়ে গীতা পাঠ কৰে। ৰাজবংশীৰ পৰিয়ালৰ হৈ পত্নী সোণমাই ৰাজবংশী আৰু আত্মীয় সকলেও ৰাজবংশীৰ সম্পৰ্কত বক্তব্য আগবঢ়ায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: