অসম

সমাজকৰ্মী ললিত চন্দ্ৰ দত্তৰ স্মৃতিচাৰণ, ‘পুণ্যাত্মা’ উন্মোচন

সংবাদদাতা, পশ্চিম যোৰহাট : যোৰহাট খঙীয়া মৌজাৰ ধলি কুমাৰ গাঁৱৰ বাসিন্দা, অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ কৰ্মী, অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাৰ পৰা জড়িত ব্যক্তি, টোকোলাই চাহ বাগিছাৰ পৰা অৱসৰ গ্ৰহণ কৰা, ধৰ্মপ্ৰাণ ব্যক্তি ললিত চন্দ্ৰ দত্তই ২০ মে’ত শেষ নিশ্বাস ত্যাগ কৰে৷ তেওঁৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি ৪ জুনত বাসগৃহতে অনুষ্টুপীয়াকৈ স্মৃতি চাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ ললিত চন্দ্ৰ দত্তৰ প্ৰতিচ্ছবি

প্ৰতিষ্ঠা কৰি সন্মুখত ধূপ-দীপ প্ৰজ্বলনৰ পাছতে উপস্থিতসকলে পুষ্পাঞ্জলি অৰ্পণ কৰে৷ জোঁৱাইয়েক সুৰজিত বৰাই আঁত ধৰা অনুষ্ঠানত কৃপাল দত্তৰ সম্পাদনাত পৰিয়ালবৰ্গই প্ৰকাশ কৰা “পুণ্যাত্মা“ নামৰ ৮৮ পৃষ্ঠাৰ গ্ৰন্থখন উন্মোচন কৰে মালৌপথাৰৰ সৰ্বোদয় জ্যেষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰ বৰুৱাই৷ পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়া, সম্পাদক মৃদুল হাজৰিকাই ললিত চন্দ্ৰ দত্তৰ

সান্নিধ্যত লাভ কৰা অভিজ্ঞতা, কৰ্মময় জীৱন আদিৰ সম্পৰ্কত উল্লেখ কৰে৷ স্থানীয় ভকত বৈষ্ণৱ, পৰিয়ালৰ আত্মীয়, পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ উপ-সভাপতি সঞ্জীৱ হাজৰিকা, আলোচনী সম্পাদক প্ৰাঞ্জল প্ৰতীম বৰা উপস্থিত থকা অনুষ্ঠানত ললিত চন্দ্ৰ দত্তৰ জ্যেষ্ঠ পুত্ৰ, সৰ্বোদয় কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা মনোজ কুমাৰ দত্তই দেউতাক ললিত চন্দ্ৰ দত্তৰ সম্পৰ্কত চমু বক্তব্য আগবঢ়ায়৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: