অসম

সমাজসেৱক, সাংবাদিক ভূপেশ খাটনিয়াৰক কাব্যশ্ৰী বঁটা প্ৰদান

সাংস্কৃতিক সংবাদদাতা‌:- বজালী জিলাৰ কালজিৰাপাৰা সত্ৰৰ শ্ৰী মান দিজেন্দ্ৰ খাটনিয়াৰ আৰু শ্ৰী মতী সাবিত্ৰী খাটনিয়াৰৰ সুযোগ্য পুত্ৰ সন্তান ভূপেশ খাটনিয়াৰ। তেখেত পেচাগতভাবে এগৰাকী শিক্ষক আৰু নিচাগতভাৱে এগৰাকী নিষ্ঠাবান, নিস্বাৰ্থ সংবাদ কৰ্মী। ৰাজনৈতিক জগতখনৰ পৰা সাংস্কৃতিক জগতখনৰ সৰু -বৰ খবৰ, গঠনমূলক সমালোচনা কৰি তেখেতে বহুকেইখন বাতৰি কাকতৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ অহাত আগস্থান দখল কৰি আহিছে। কৃষ্টিপথাৰ, সাহিত্য, সামাজিক আৰু সাংস্কৃতিক কেন্দ্ৰই বিভিন্ন সামাজিক কামৰ লগত জড়িত থকা ভূপেশ খাটনিয়াৰক কাব্যশ্ৰী বঁটা প্ৰদান কৰে। আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল সূৰ্য্য থিয়েটাৰৰ বাৰ্ষিক মুখপাত্ৰ ‘কিৰন‘ৰ তেখেত সম্পাদক।

তেখেতৰ তত্ত্বাৱধানত বাৰ্ষিক মুখপাত্ৰ কিৰনখনে নতুন প্ৰান পায় উঠিছে। পাঠশালাৰ পৰা আত্মপ্ৰকাশ উদয়ন থিয়েটাৰৰ বাৰ্ষিক মুখপাত্ৰ ‘উদয়ন‘ৰো তেখেত সম্পাদক। তেখেতৰ সম্পাদনাত উদয়ন বাৰ্ষিক মুখপাত্ৰখনৰো প্ৰতিজন শ্ৰোতা দৰ্শকে আদৰি লৈছে। ভৱিষ্যতৰ প্ৰগতিশীল সৃষ্টি আৰু চিন্তাধাৰাৰ পথ প্ৰদৰ্শক হৈ থকাৰ কামনা কৰি মহৎ অনুষ্ঠানটোৱে ভূপেশ খাটনিয়াৰ দেৱক এই সন্মান প্ৰদান কৰে। ভূপেশ খাটনিয়াৰ দেৱৰ পৰা আগন্তুক দিনত সামাজিক আৰু সাংস্কৃতিক জগতখনৰ উন্নতিৰ হকে বিভিন্ন দিশত অৱদান আগবঢ়াব বুলি আশা কৰিলোঁ। তেখেতলৈ আমি জনালোঁ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।

Show More

Leave a Reply

Your email address will not be published.

Back to top button