অসম

সম্প্ৰীতিৰ বিৰল নিদৰ্শন; বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰৰ আসনত নিৰঞ্জন বড়ো

সংবাদদাতা, টংলা:- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে দেখুৱাই থৈ যোৱা সাতামপুৰুষীয়া সমন্বয়ৰ বিৰল নিদৰ্শন হিচাপে এগৰাকী বড়ো সম্প্ৰদায়ৰ লোক বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰৰ আসনত অলংকৃত হোৱাটো অসমীয়া জাতীয় জীৱনৰ বাবেই গৌৰৱোজ্জ্বল বাৰ্তা বহন কৰিছে। শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ মূল উদ্দেশ্য আছিল বিভিন্ন জাতি জনজাতিৰ মাজত সোমাই কু সংস্কাৰ বিসৰ্জন দি সমন্বয়ৰ মহান মানৱতাৰ বাণী বিলাই আধ্যাত্মিক সমাজ নিৰ্মাণ কৰা।

ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী তেতিয়াৰ দুৰ্গম অঞ্চল ডিমাকুছিৰ বৰঙাজুলিত শংকৰদেৱৰ একান্ত অনুগামী হৰেকৃষ্ণ মহন্ত আতাই বৰপেটা জিলাৰ পৰা ডেকা বয়সতে আহি নামধৰ্মৰ লাইখোটা পুতিছিল। বিভিন্ন জাতি-জনজাতিয়ে বসবাস কৰা ডিমাকুছিৰ বৰঙাজুলি সত্ৰ তেওঁৰ অনুপস্থিতিয়ে ভকত বৈষ্ণৱ সকলক বাকৰুদ্ধ কৰিছে যদিও নিচেই কম বয়সতে বালিসিঠা গাঁৱৰ পৰা লাচনী -পাঁচনি কৰিবলৈ অনা নিৰঞ্জন বড়ো আজি সত্ৰাধিকাৰ আসনত উপবিষ্ট হোৱাত সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাৰ উত্তৰাধিকাৰী হ’ল।

বিগত দুকুৰি দশক ধৰি মহন্ত আতাৰ ছাঁটোৰ দৰে থাকি ভকত বৈষ্ণৱৰ সেৱা আগবঢ়াই অহা নিৰঞ্জন বড়োক আজি ১৭আগষ্ট তাৰিখে অসমৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ, ভকত বৈষ্ণৱ, আই মাতৃ, যুৱক-যুৱতী, শিশু-কিশোৰ- কিশোৰীৰ উপস্থিতিত অনুষ্ঠিত অভিষেক অনুষ্ঠানত বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ ৰূপে নিৰঞ্জন বড়োৰ নাম উচ্চাৰিত হোৱাৰ লগে লগেই হৰি ধ্বনি, নাগৰা, খোল, তাল, হাত চাপৰি, দেৱবাদ্য ধ্বনিৰে সত্ৰ ভূমি ৰজনজনায়।

আজিৰে পৰা নিৰঞ্জন বড়ো মহন্ত হিচাপে পৰিগণিত হ’ব বুলি ঘোষণা কৰাৰ লগে লগেও হাত চাপৰি, হৰি ধ্বনি বাজি উঠে। পুৱা নিৰঞ্জন বড়োৰ জন্ম গাঁও বালিসিঠাৰ পৰা উছৱ মুখৰ পৰিবেশৰ মাজেৰে নাম প্ৰসংগ, হৰি ধ্বনি, হৰি নাম, খোল তাল বাদ্যৰে শোভা যাত্ৰাৰে তেওঁক সত্ৰলৈ আগবঢ়াই আদৰণি জনাই অনা হয়। বৰঙাজুলি সত্ৰ ৰাতিপুৱাৰে পৰা লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হয়।

অভিষেক অনুষ্ঠানত সুন্দৰিদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰী, লখিমপুৰ জিলাৰ সাঙ্গেনী সত্ৰ, তৰাজুলি সত্ৰৰ সত্ৰাধিকাৰ মতিলাল পেগু, লক্ষ্মী নাৰায়ণ পেগু, ধুবুৰী জিলাৰ জিনকটা সত্ৰৰ সত্ৰাধিকাৰ বিচিত্ৰ নাৰায়ণ ভকত, শ্ৰীঈশ্বৰ হাটী সত্ৰৰ সত্ৰাধিকাৰ ৰাজীৱ লোচন পেগু, নাহৰকটিয়াৰ চাহ জনজাতি আদিবাসী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ মহাপাত্ৰ, ডেকা সত্ৰাধিকাৰ ধীৰেন গৌড়, বৰহমপুৰ সত্ৰৰ সত্ৰাধিকাৰ বাবুল ডেকা,

শৰণাচাৰ্য ৰামচন্দ্ৰ ৰাভা, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ধৰ্মপত্নী পাৰুল ভৰালী বড়ো প্ৰমুখ্যে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া উপস্থিত থকা অভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয় সত্ৰ সংবৰ্ধন উন্নয়নৰ বাবে সত্ৰই বিচৰা ধন অসম চৰকাৰে প্ৰদান কৰিব লাগে। এখন সত্ৰৰ ৰূপৰেখা পৰিকল্পনা থাকে বাস্তৱত ৰূপায়িত কৰিবলৈ হলে সত্ৰই যিমান বিচাৰে সিমান পৰিমাণে ধন আৱণ্টন দিব লাগে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: