ৰাষ্ট্ৰীয়

সর্বভাৰতীয় পর্যায়ত এইবাৰ উজ্বলিছে বিশ্বনাথৰ বৰগাঙৰ মেধাৱী ছাত্রী অস্মিতা কাকতি

সংবাদদাতা, বিশ্বনাথ:- আই এছ চি পাঠ্যক্রমৰ সদ্যঘোষিত দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ ফলাফলত বিশ্বনাথ জিলাৰ অস্মিতা কাকতিয়ে হিউমেনিটী শাখাত (কলা শাখা) দেশৰ ভিতৰতে প্রথম স্থান অধিকাৰ কৰি জিলা তথা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে৷ নিজৰ সফলতাৰে সমগ্র বিশ্বনাথৰ লগতে অসমকো মেধাৱী ছাত্রী অস্মিতা কাকতিয়ে গৌৰৱান্বিত কৰিছে৷ বিশ্বনাথ জিলাৰ বৰগাং

চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক জ্যোতির্ময় কাকতি আৰু নৱনীতা কাকতিৰ কন্যা অস্মিতা কাকতিয়ে শোণিতপুৰ জিলাৰ বালিপৰাৰ অসম ভেলী স্কুলৰ পৰা আই এছ চি পাঠ্যক্রমৰ দ্বাদশ শ্ৰেণীৰ ‘হিউমেনিটী’ শাখাত ৯৯.৭৫ শতাংশ নম্বৰ লাভ কৰি ভাৰতৰ ভিতৰতে প্রথম স্থান লাভ কৰাটো গৌৰৱৰ বিষয় বুলি বিবেচিত হৈছে৷ অস্মিতাই বুৰঞ্জীত ১০০, মনোবিজ্ঞানত ১০০,

সমাজ বিজ্ঞানত ১০০, ইংৰাজীত ৯৯ আৰু ৰাজনীতি বিজ্ঞানত ৯৮ নম্বৰ লাভ কৰি এই সফলতা অর্জন কৰিছে৷ উল্লেখ্য যে সৰুৰে পৰাই সকলো বিষয়তে পার্গত অস্মিতাই মেট্ৰিক পৰীক্ষাতো ৯৭.২০ শতাংশ নম্বৰ লাভ কৰি উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ ভৱিষ্যতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জীত মেজৰ লৈ পঢ়াৰ পৰিকল্পনা কৰা অস্মিতাই পৰীক্ষাৰ সময়ত আন ছাত্র–ছাত্রীৰ দৰে ৮–৯ ঘণ্টা ধৰি পঢ়া নাছিল৷

অস্মিতাই মাত্র ২ ঘণ্টাকৈ পঢ়িছিল যদিও সেই সময়খিনি অতি মনোযোগেৰে পঢ়িছিল আৰু এনে সাফল্য লাভ কৰিছিল৷ এই সাফল্যত আনন্দিত হৈ পৰিছে অস্মিতাৰ পিতৃ–মাতৃৰ লগতে ককাক প্রাক্তন উপায়ুক্ত চন্দ্রমোহন কাকতি৷ অস্মিতাৰ পিতৃয়ে জানিবলৈ দিয়া মতে, অস্মিতাৰ পৰা এনেধৰণৰ সাফল্য আশা কৰিছিল আৰু ভৱিষ্যতে এগৰাকী ভাল নাৰী হৈ অস্মিতাই সমাজক সহায় কৰাটো বিচাৰিছে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: