অসম

সাঁতোৰ প্রশিক্ষণ গ্ৰহণ কৰি থকা অৱস্থাতে আৰক্ষীৰ নৱনিযুক্ত উপ-পৰিদৰ্শক মনেশ্বৰৰ মৃত্যু

শ্বিলঙৰ বৰাপানীত থকা নর্থ-ইষ্টাৰ্ণ পুলিচ একাডেমীত প্রশিক্ষণৰত অৱস্থাতে মৃত্যু অসম আৰক্ষীৰ নৱনিযুক্ত উপ-পৰিদৰ্শক মনেশ্বৰ পণ্ডিতৰ। জানিব পৰা মতে, বুধবাৰে সাঁতোৰ প্রশিক্ষণ গ্ৰহণ কৰি থকা অৱস্থাত মৃত্যু হয় মনেশ্বৰৰ। মৃত মনেশ্বৰ পণ্ডিতৰ পিতৃও অসম আৰক্ষীতে কৰ্মৰত। ওদালগুৰী জিলাত কৰ্মৰত হৈ আছে মনেশ্বৰ পণ্ডিতৰ পিতৃ। পৰিয়ালটোৰ একমাত্র সন্তান আছিল মনেশ্বৰ পণ্ডিতৰ ঘৰত এতিয়া মাথোঁ কান্দোনৰ ৰোল।

Show More

Leave a Reply

Your email address will not be published.

Back to top button