অসমীয়া সাঁথৰ | Super 100

বিভিন্ন উৎসৰ পৰা সংগৃহীত ১০০টা সাঁথৰ

সাঁথৰ হৈছে অসমীয়া জনজীৱন তথা অসমীয়া সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ ৷ এই সাঁথৰ শব্দটোও সাঁথৰ বা সাঁতোৰ শব্দৰ পৰা উদ্ভৱ হোৱা বুলি অনুমান কৰিব পাৰি। নামনি অসমত ‘ত’ আখৰটো ‘থ’ উচ্চাৰণ হোৱা পৰিলক্ষিত হয়। গতিকে নামনি অসমতে সাঁথৰ শব্দটো উৎপত্তি হোৱা যেন অনুমান হয়। সাঁতৰ ৰূপান্তৰ হৈ সাঁথৰ হ’ল। পানীত পৰি সাঁতুৰি-নাদুৰি পাৰ ঢুকি পাবলৈ সমৰ্থ নোহোৱা মানুহে ককবকাই থাকি আশ্ৰয়ৰ কাৰণে হাবাথুৰি খোৱাৰ দৰে সাঁথৰৰ অৰ্থ উলিয়াবলৈও দৃশ্যমান জগতত হাবাথুৰি খাব লগা হয়।

কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটিয়াভাৱে নিবিচাৰি আওপকীয়াকৈ উত্তৰ বিচৰা মানুহজনক সাঁথৰেৰে প্ৰশ্ন কৰা হয়। সাধাৰণতে প্ৰশ্নটোৰ মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেহে বিচাৰি পোৱা যায়। সাঁথৰ পুৰণি কালৰ পৰা মানুহৰ মুখে মুখে চলি চলি আহি বৰ্তমান সময় পাইছেহি৷ কিন্তু বৰ্তমান সময়ত যেন সাঁথৰ সমূহৰ জনপ্ৰিয়তা হেৰাই যোৱাৰ উপক্ৰম ঘটিছে ৷ সাঁথৰসমূহ মূলত মানুহৰ মুখেমুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে শিশুৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয়।

১) দিষ্টান দিওঁ বুজ, কিনা (কেঞা) আঙুলিৰ কুছ।
উত্তৰঃ নিচলা বা মিছামাছ
২) ছয় চৰণ, কৃষ্ণ বৰণ, আধা চিঙিলেও নাই মৰণ।
উত্তৰঃ পৰুৱা বা পিপৰা
৩) এডাল খেৰে বৰ ঘৰটো বেৰে।
উত্তৰঃ চাকি বা লেম
৪) এডাল হাড়, মঙহ কত ভাৰ।
উত্তৰঃ খেৰৰ পুঁজি
৫) ৰাজাৰ পুতেকে ভাত খায়, চাৰি কুকুৰে আছে চায়
উত্তৰঃ পীৰাৰ খুঁড়া চাৰিটা

৬) পাণ্ডৱ নহয় পঞ্চ ভাই, তাক কিন্তু মনুষ্যই খায়।
উত্তৰঃ ঔটেঙা
৭) ৰাজাথেৰ ক’লী গাই, এক পিয়ন দি মৰি যায়।।
উত্তৰঃ কলগছ
৮) এটা মাছৰ দুখন ফিচা, বুৰ মাৰিলেই সকলো মিছা।
উত্তৰঃ নাও
৯) এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপমাৰি উঠে।
উত্তৰঃ ঢেঁকী
১০) ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি।
উত্তৰঃ জিভা

১১) ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন।
উত্তৰঃ বুঢ়া আঙুলি
১২) উপি উপি বাটত আছে চুপি।
উত্তৰঃ জোক
১৩) ওপৰত জুই, তলত পানী; বুঢ়াই থাকে টানি টানি।
উত্তৰঃ ধঁপাত খোৱা হোকা-চিলিম
১৪) জন্ম অৱতাৰে মূৰত টুপী, কৃষ্ণ অৱতাৰে ভুলাই গোপী, ৰাম অৱতাৰে ৰাৱণ বধে,সেই তৰকাৰি ঘৰে ঘৰে।
উত্তৰঃ বাঁহ গছ
১৫) ৰজাৰ ঘৰৰ কাকবাহঁ, তাতে পৰে ৰাজহাঁহ; ৰাজহাঁহে কণী পাৰে, কোনে কিমান লেখিব পাৰে।
উত্তৰঃ আকাশৰ তৰাবোৰ

১৬)পৰ্বতৰ টিঙত ক’লী গাই চৰে; দুই পৰ্বতে হেঁচা মাৰি ধৰে।
উত্তৰঃ দুই নখেৰে মৰে ওকনী
১৭) দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট; বত্ৰিশ জোপা কলগছ , এখনেহে পাত।
উত্তৰঃ জিভা
১৮) এডাল ইকৰা ঘন ঘন গাঁঠি; সাগৰতে পেলালে ময়ূৰ যেন পাখি।
উত্তৰঃ জাল
১৯) এডাল খেৰে ঘৰটো বেঢ়ে।
উত্তৰঃ চাকি (বন্তি)
২০) পেট আছে পেটু নাই, মুখ আছে জিভা নাই।
উত্তৰঃ কলহ

২১) ডুবিয়াই যায়, ডুবিয়াই যায়, বগা নাৰীডাল উলিয়াই যায়।।
উত্তৰঃ বেজী
২২) আগ তিতা গুৰি মৌ , কি কৰিছা ভাবলি বৌ ।
উত্তৰঃ কুহিঁয়াৰ
২৩) নদী নলা শুকাই গল , গছৰ আগত পানী ৰস।
উত্তৰঃ নাৰিকল
২৪) ওপৰৰ পৰা পৰিল চিলা , গোটে গোটে মানুহ গিলা।
উত্তৰঃ চোলা
২৫) মাকে বৰশী বায়, পুতেকে সৰগ চায়।
উত্তৰঃ বাঁহ গছ আৰু বাঁহ গাজ

২৬) এঠেঙীয়া বগলী, নিতৌ নাচে গধুলি।
উত্তৰঃ বিচনী
২৭) কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয়।
উত্তৰঃ বিড়ি
২৮) ইহে সিহে পিঠিৰে দৌৰ দিয়ে কিহে।
উত্তৰঃ নাও
২৯) মাটিৰ তলৰ বগা বুঢ়ী, সাজ পিন্ধে কুৰি কুৰি।
উত্তৰঃ নহৰু
৩০) মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই।
উত্তৰঃ ৰেডিঅ’

৩১) এঙা, এঙা, এঙা, একেটা ঠানিতে পাঁচটা টেঙা।।
উত্তৰঃ হাত বা ভৰিৰ আঙুলি
৩২) মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা।
উত্তৰঃ জলকীয়া গছ (মাক) আৰু জলকীয়া পুতেক
৩৩) সৰগলৈ নাজাবা সতফুল নখাবা কেচাঁপাতত নাবান্ধিবা লোণ উপজিয়ে লৰমাৰে কোন।
উত্তৰঃ জেঠী
৩৪) খলপা খলপী গাটো, কোৱাচোন কি সেই টোঙাটো।
উত্তৰঃ ঔটেঙা
৩৫) দিনত ভৰি পৰে লৰা-ছোৱালী, ৰাতি নাথাকে কোনো প্ৰাণী।
উত্তৰঃ পঢ়াশালি

৩৬) ওৰে গাত কটা, ভিতৰত বহি মেল কৰে হাজাৰ লোকৰ বেটা।
উত্তৰঃ কঁঠাল
৩৭) সাহটো পেলাই বাকলিটো খায়, সেইটোনো কি ফল কোৱাচোন ভাই।
উত্তৰঃ ঔ
৩৮) তিনিকোণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল।
উত্তৰঃ জাকৈ
৩৯) নদ নদী শুকাই গল গছৰ ওপৰত পনী ৰল ।
উত্তৰঃ নাৰিকল
৪০) ইহৰ সিহৰ এটা দাঁত কিহৰ।
উত্তৰঃ উখনী বা ওখোন

৪১) হাবিত কাঁহে ওলাই নাহে।
উত্তৰঃ কুঠাৰ
৪২) পাত আছে ডাল নাই, কথা আছে মাত নাই।
উত্তৰঃ কিতাপ
৪৩) গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, ইটো কি নিলাজৰ সঁচ।
উত্তৰঃ আনাৰস
৪৪) চাৰিও ভায়েকৰ কাণ কটা, তাৰে দুটাৰে পেট ফুটা।
উত্তৰঃ তাঁতৰ খুটা।
৪৫) ওপৰৰ পৰা পৰিল ধুম বোলে মাৰ গাটো শুং।
উঃ বেল ।

৪৬) ডোকা কালত আকাশ বোৱা, বুঢ়া কালত তলমুৱা।
উত্তৰঃ বাঁহ
৪৭) খাওঁতে খায় পেটো নভৰে মুখেও নাপায়।
উত্তৰঃ উজুটি
৪৮) বুড়ীৰ ঘৰৰ ভিজা কঁঠা, সেইখন নহলেই ডাঙৰ লেঠা।
উত্তৰঃ জিভা
৪৯) নাম শুনিলেই বা মনত পৰিলে জিভাৰ পানী পৰে।
উত্তৰঃ টেঙা
৫০) এক ঠেঙীয়া বগলী, নিতৌ নাচে গধূলি।
উত্তৰঃ বিচনী

৫১) টুপ টুপ টাপলি
পানী পালে মুকলি।
উত্তৰঃ জাল
৫২) মামাহঁতৰ বাৰীত গ’লোঁ
সোমাব পাৰিলোঁ
ওলাব নোৱাৰিলোঁ।
উত্তৰঃ চেপা
৫৩) ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ,
পিছফালে দেখি আহিছোঁ
বাঁহৰ তলত ঘৰ।
উত্তৰঃ আমৰলি পৰুৱা
৫৪) আহোঁতে খুলিহে তৃপ্তি পায়
যাওতে মাৰি বাৰে বাৰে চায় ?
উত্তৰঃ তলা চাবি
৫৫) এনু এনু এনু,
ধৰিবলৈ নাই ঠেনু ?
উত্তৰঃ কণী

৫৬) জন্ম অৱতাৰে মূৰত টুপী,
কৃষ্ণ অৱতাৰে ভুলাই গোপী,
ৰাম অৱতাৰে ৰাৱণ বধে ,
সেই তৰকাৰি ঘৰে ঘৰে।
উত্তৰঃ বাঁহগছ
৫৭) আই ঐ দেহী জহৰ মহৰ
কি পোকৰ টিকাত পোহৰ ?
উত্তৰঃ জোনাকী পৰুৱা
৫৮) ওপৰত ছাটি
তলত গুটি।
তাক খাই আহিন কাতি।
উত্তৰঃ কচু
৫৯) যিয়ে দিয়ে তাকে খায়।
পানী দিলে মৰি যায়।
উত্তৰঃ জুই
৬০) কাণত ধৰি
নাকত বহে ?
উত্তৰঃ চশমা ( বিতচকু )

৬১) কাৰাক-কুৰুক কৰে,
হেণ্ডচেক কৰিলে বমি কৰে।
উত্তৰঃ দমকল
৬২) হাতীৰ দাঁত,
কদমৰ পাত
ক’ব নোৱাৰিলে জানিম গোলামৰ জাত।
উত্তৰঃ বেঙেনা গছৰ পাত আৰু ফল
৬৩) চিত পখিলা..চিত পখিলা..
তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা।
উত্তৰঃ হালোৱা, আৰু দুটা গৰু
৬৪) দিনে ৰাতি ঘূৰি থাকে চাবি নিদিলে ভাগৰি পৰে।
উত্তৰঃ ঘড়ী
৬৫) শোষক বীৰৰ ভাই , মূৰ দুপিয়াই তেজ খাই।
উত্তৰঃ তেজপিয়া

৬৬) তুলা হেন ভাঁহে শিল হেন তল পৰে।
উত্তৰঃ ভেকুলী
৬৭) পেট আছে পেটু নাই, মুখ আছে জিভা নাই।
উত্তৰঃ কলহ
৬৮) বাঘ হেন জপিয়াই , কুকুৰহেন বহে।
উত্তৰঃ ভেকুলী
৬৯) পিটিকিলেই ভাঙে, আফলিয়ালেও নাভাঙে।
উত্তৰঃ ভাত
৭০) ওপৰৰ পৰা পৰিল ধুম তাৰ কতিত এশ লুম।
উত্তৰঃ কঠাল

৭১) কমাৰ ঘৰৰ ভাটি , বতাহ খায় উজান ভাটি।
উত্তৰঃ নাক
৭২) ৰজাৰ ঘৰৰ কালি গাই, ওক পিয়ন দি মৰি যায়।
উত্তৰঃ কল গছ
৭৩) বাৰীত কাহে, মাতিলে নাহে।
উত্তৰঃ কুঠাৰ
৭৪) এক ঠেঙীয়া বগলী, নিতে আছে গধূলী।
উত্তৰঃ ধুপ
৭৫) এজোৰ পক্ষী আছে কাকো কোনেওঁ নেদেখি।
উত্তৰঃ চকু

৭৬) এক ঠেঙীয়া বগলী, নিতৌ নাচে গধূলি।
উত্তৰঃ বিচনী
৭৭) ৰজাৰ ঘৰৰ কালি গাই ঘাটে ঘাটে পানী খায়।
উত্তৰঃ বৰশী
৭৮) উপি উপি উপি বাটতআছে চুপি।
উত্তৰঃ চিণাজোক
৭৯) ঘৰৰ তলত ঘৰ তাতে পৰি মৰ।
উত্তৰঃ আঁঠুৱা
৮০) উণ উণ উণ ধৰিবৰ নাই ঠুন।
উত্তৰঃ কণী

৮১) বাৰীৰ পিছৰ ৰঙা চৰাই মুখ চাই চাই গালী পাৰে।
উত্তৰঃ জলকীয়া
৮২) আকাশত ঘৰ পাতালত দুৱাৰ ওলাই ওলাই চায় ৰজীৰ কোঁৱৰ।
উত্তৰঃ টুনিচৰাইৰ বাহ
৮৩)ৰজাৰ বাৰীলৈ গলো, ফুল দেখি চমক খালো, ফুললৈকে মেলিলো হাত, ফুল গ’ল ১৮ হাত
উত্তৰঃ জোনাকী পৰুৱা
৮৪)আগ তিতা গুৰি মৌ, কি কৰিছা ভাবুলী বৌ
উত্তৰঃ কুহিঁয়াৰ
৮৫)ওপজিয়ে লৰ মাৰে কোন
উত্তৰঃ জেঠী পোৱালি

৮৬) ওপজিয়ে জপিয়ায় কোনে?
উত্তৰঃ আখৈ
৮৭) এনু এনু এনু, ধৈইৰবান্নাই ঠেনু
উত্তৰঃ ডিমা/কণী (নলবাৰী অঞ্চলত প্ৰচলিত)
৮৮) মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই/ঘৰ আছে দুৱাৰ নাই,মাত আছে মানুহ নাই
উত্তৰঃ ৰেডিঅ’
৮৯) উপৰোৰ পাই পৰিল টেকলী, টেকলীৰ ভিতৰোত সাতগাণ্ডা ভেকুলী
উত্তৰঃ কঁঠাল (নলবাৰী অঞ্চলত প্ৰচলিত)
৯০) কনকৰ নকৰ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি নাচি নাচি খা/লবংগৰ বংগ কাটি মজা মাৰি খা
উত্তৰঃ কঁঠাল

৯১) তিনিফালে তিনিজন, মাজতে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে কোনে কিমান খাব পাৰে?
উত্তৰঃ চৌকা
৯২) ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন ?
উত্তৰঃ বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি)
৯৩) এক জোপা হন্যা,তাতেই আছে বন্যা,হন্যাই কণী পাৰে কোনে কিমান গণিব পাৰে?
উত্তৰঃ ওকণি
৯৪) গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয়?
উত্তৰঃ যঁতৰ
৯৫) চুই চা চুই চা, চুই দিলে পইছা
উত্তৰঃ কেৰেলুৱা

৯৬) ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ
উত্তৰঃ আমৰলি পৰুৱা
৯৭) টিঁ টিঁ কৈ টিঞা, কঁকালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায়
উত্তৰঃ বৰল
৯৮) মাকে বৰশী বায়, পুতেকে সৰগ চায়
উত্তৰঃ বাঁহ গছ আৰু বাঁহ গাজ
৯৯) মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা?
উত্তৰঃ জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক)
১০০) টুপ টুপ টুপলি, সময় গ’ল উকলি”/”টুপ টুপ টুপলি পানী পালে মুকলি
উত্তৰঃ জাল

১০১) বগা বগা চাহাবে ৰঙা-ক’লা টুপি পিন্ধে,এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে
উত্তৰঃ দিয়াচলাই (জুইশলা)
১০২) কাণত ধৰি নাকত বহে?
উত্তৰঃ বিতচকু, চশমা
১০৩) এজনী কলী গাই ঘাটে ঘাটে পানী খায়?
উত্তৰঃ বৰশী
১০৪) ওপৰৰ পৰা পৰিল বাঘিণী, চাৰি ঠেং মেলি হ’ল গাভিনী
উত্তৰঃ আঁঠুৱা
১০৫) কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয়?
উত্তৰঃ বিড়ি

১০৬) কি বস্তু কাটিলে দীঘল হয়?
উত্তৰঃ নলা (drain)
১০৭) চিত পখিলা..চিত পখিলা..তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা
উত্তৰঃ হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু
১০৮) এডাল মাৰলি দুখন চাল, নবন্ধাকৈ থাকে সৰ্বতিকাল
উত্তৰঃ কলাপাত
১০৯) হাবিত কাঁহে ওলাই নাহে
উত্তৰঃ কুঠাৰ
১১০) ৰজাৰ লাঠি ঘন ঘন গাঠি
উত্তৰঃ কুহিয়াঁৰ

১১১) এঠেঙীয়া বগলী,নিতৌ নাচে গধূলি
উত্তৰঃ বিচনী
১১২) এডাল খেৰে ঘৰটো বেৰে
উত্তৰঃ চাকি নাইবা মমবাতি
১১৩) জলত জন্ম স্থলত বাস, মাকে চুলে হয় সৰ্বনাশ?
উত্তৰঃ নিমখ
১১৪) পেট আছে পেটু নাই, মুখ আছে জিভা নাই
উত্তৰঃ কলহ
১১৫) আমাৰ ঘৰত এজনী বুঢ়ী আছে, যাওঁতে এগোৰ, আহোঁতে এগোৰ?
উত্তৰঃ দুৱাৰডলি



১১৬) ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি
উত্তৰঃ জিভা
১১৭) দুই গছৰ গছৰ দুই ঠাল কজিয়া কৰি হয় লাল? এই সাঁথৰটোৰ উত্তৰ কি?
উত্তৰঃ তামোল-পান
১১৮) ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগে শিপা
উত্তৰঃ ভূঁইকপ/ অনাতাঁৰ
১১৯) কৈ মৰিল কোন, নকৈ মৰিল কোন, দি মৰিল কোন, নিদি মৰিল কোন?
উত্তৰঃ কৈ মৰিল জটায়ু (সীতাৰ বাৰ্তা ৰামক), নকৈ মৰিল জয়মতী (গদাপাণিৰ কথা ল’ৰা ৰজাক), দি মৰিল দধিচী (বৃত্ৰাসুৰ বধৰ বাবে নিজৰ হাড়), নিদি মৰিল দুৰ্যোধন (ৰাজ্য পাণ্ডৱক)
১২০) উপি উপি বাটত আছে চুপি
উত্তৰঃ জোক

১২১) ৰজাৰ আলিবাট মেলিব পাৰি জপাব নোঁৱাৰি
উত্তৰঃ চোতাল
১২২) পেট আছে পেটু নাই, মুখ আছে জিভা নাই
উত্তৰঃ কলহ/টেকেলী
১২৩) কাৰাক-কুৰুক কৰে, হেণ্ডচেক কইল্লি বমি কৰে
উত্তৰঃ দমকল/টিউবেল
১২৪) খাল বিল শুকাই গ’ল, গছৰ আগত পানী ৰ’ল
উত্তৰঃ নাৰিকল
১২৫) য’লৈ যোৱা মোক লগত লৈ যোৱা
উত্তৰঃ ছাঁ/ছাঁয়া

১২৬) নদী আছে পানী নাই, চহৰ আছে মানুহ নাই
উত্তৰঃ মানচিত্ৰ
১২৭) ঘৰৰ ভিতৰত ঘৰ, তাতে পৰি মৰ
উত্তৰঃ আঁঠুৱা
১২৮) ক’লৈ যোৱা মোক মাৰি থৈ যোৱা
উত্তৰঃ দুৱাৰ
১২৯) লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত
উত্তৰঃ তামোল গছ
১৩০) গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এডাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি
উত্তৰঃ গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এডাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি

১৩১) আহিছ আহ ,যাৱ কেলেই , গৈছ যা , আহ কেলেই
উত্তৰঃ কেচুঁৱাৰ দাঁত
১৩২) ইলিলিৎ চৰাইটোৱে বিলিলিৎ কৰে,সাগৰ দেখিলে পাংখা মেলে
উত্তৰঃ জাল
১৩৩) জন্ম অৱতাৰে মূৰত টুপী, কৃষ্ণ অৱতাৰে ভুলাই গোপী, ৰাম অৱতাৰে ৰাৱণ বধে ,সেই তৰকাৰি ঘৰে ঘৰে
উত্তৰঃ বাঁহ গছ
১৩৪) এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপমাৰি উঠে।
উত্তৰঃ ঢেঁকী
১৩৫) এটা মাছৰ দুখন ফিচা, বুৰ মাৰিলেই সকলো মিছা।
উত্তৰঃ নাও

১৩৬) পাও,পিঠি, চকু,কান,নাক,
নাই ইতো আকো কি,কোৱা চোন ভাই।
উত্তৰঃ মানুহ
১৩৭)  এক মাৰলী দুই ছাল
নাচে বাপু জয় নাল।
উত্তৰঃ  কলপাত
১৩৮)  এইজন কোন ৰজা
পেটত পানী মূৰত মূৰা।
উত্তৰঃ  হোকা বা ধঁপাত 

E-PAPER

News

Back to top button
%d bloggers like this: