অসম

সাংবাদিকৰ সৈতে মত-বিনিময় শিৱসাগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত মেঘ নিধি দাহালৰ

সংবাদদাতা, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ নৱ-নিযুক্ত উপায়ুক্ত মেঘ নিধি দাহালৰ অধ্যক্ষতাত বৃহস্পতিবাৰে উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত শিৱসাগৰ জিলাখনৰ সংবাদসেৱী সকলৰ সৈতে এক আনুষ্ঠানিক চিনাকি পৰ্ব অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত সংবাদসেৱী সকলে নৱনিযুক্ত উপায়ুক্ত গৰাকীক উষ্ম আদৰণি জনায়। অনুষ্ঠানত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ সাংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে মত-বিনিময় কৰে। মত-বিনিময় কালত উপায়ুক্ত গৰাকীক উপস্থিত সংবাদসেৱী সকলে জিলাখনৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে। উপায়ুক্ত গৰাকীয়ে জিলাখনৰ বিভিন্ন সমস্যাৰ সমাধানকল্পে প্ৰয়োজনীয় হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিব বুলি অৱগত কৰে। তেওঁ জিলাখনৰ সৰ্বাংগীন উন্নয়ন আৰু জিলাবাসীক সৰ্বোৎকৃষ্ট সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সংবাদসেৱী সকলক গঠনমূলক পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, উপায়ুক্ত মেঘ নিধি দাহালে জনসাধাৰণৰ ওজৰ-আপত্তি নিষ্পত্তি কৰাৰ লক্ষ্যৰে আজি এটি হোৱাটছ্ এপ নম্বৰ মুকলি কৰি কয় যে, আজিৰে পৰা ৯৪৩৫৩০৬০০০ হোৱাটছ্ এপ নম্বৰত জিলাবাসী ৰাইজে নিজৰ অঞ্চলৰ অভাৱ-অভিযোগ তথা সমস্যা আদিৰ বিষয়ে ফটোসহ বিৱৰণ প্ৰেৰণ কৰিব পাৰিব। জিলা প্ৰশাসনে এই সমূহ অভাৱ-অভিযোগ তথা সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উপায়ুক্ত গৰাকীয়ে সদৰি কৰে৷ অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে বিতোপন নেওগ, কৰ্মদেৱ ব্ৰহ্ম, চন্দনা বৰুৱা আৰু মহকুমাধিপতি (সদৰ) ডঃ মন্দিৰা বৰুৱাৰ লগতে জিলাখনৰ ভালেসংখ্যক ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদসেৱী উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: