অসম

সাংবাদিক আক্ৰমণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ

সংবাদদাতা, লখিমপুৰ : অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ গৃহ বিভাগে শদিয়াৰ পৰা ধুবুৰীলৈকে গৰু চিণ্ডিকেট, গো-মাফিয়া, ড্ৰাগছ, জুৱা আদিৰ বিৰোদ্ধে তীব্ৰ গতিত অভিযান ছলাই ডি এছ পিকো গ্ৰেপ্টাৰৰ বলিষ্ট পদক্ষেপ লৈ সৱস্তৰৰ ৰাইজৰ প্ৰশংসা লাভ কৰিছে। তেনে সময়তে যোৱা ৫ জুনত বিশ্ব পৰিৱেশ দিৱসৰ বাতৰি সংগ্ৰহ কৰি ঘৰলৈ উভতি অহাৰ অৱস্থাত প্ৰাগ নিউজৰ উত্তৰ অসমৰ ব্ৰুৰ ছিফ, জাফাৰ মুখ্য সাংগঠনিক সম্পাদক, জেষ্ঠ সাংবাদিক কুশল শইকীয়া, কেমেৰামেন ৰণ্টু দত্ত,

অসম বাৰ্তাৰ সাংবাদিক পল্লৱ মিলি উঠি যোৱা গাড়ীখনৰ পিছ লৈ এ এছ ০৭ এ চি ৭১৮৯ নম্বৰৰ টাটা ডি আই গাড়ীৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কদম টেঙাবস্তিত বিয়লী ৩.৫৫ বজাত আগছি ধৰি সাংবাদিকৰ দলটোৰ ওপৰত চাৰিজনীয়া দুৰ্বৃত্তই অপৰোচিতভাৱে আক্ৰমণ কৰা মকবুল হুছেইনৰ পুত্ৰ বগীনদীৰ কুখ্যাত ৰাহুল হুছেইন আৰু আমু আলিৰ পুত্ৰ উমেদ আলিক গ্ৰেপ্টাৰ কৰিব নোৱাৰাৰ লগতে সাংবাদিক আক্ৰমণৰ ব্যৱহাৰ কৰা গাড়ীখন আজি পৰ্যন্ত উদ্ধাৰ কৰিব নোৱাৰা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকাশ দত্ত, উপ- সভাপতি হেমন্ত কোচ, মিণ্টু বৰা, সাধাৰণ সম্পাদক নিতুল শইকীয়াই-উল্লেখ কৰে যে-“ক’ভিড-১৯ত আৰক্ষীয়ে গিজ-গিজাই থকা বগীনদীৰ টেঙাবস্তিত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত কুখ্যাত মাফিয়াৰ দলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ সাংবাদিকৰ দলক কৰ্তব্যৰত অৱস্থাত আক্ৰমণ কৰা কাৰ্য অত্যন্ত দুভাগ্যজনক বুলি অভিহীত কৰিছে। সান্ধ্য আইন বলবৎ হৈ থকা অৱস্থান মালবাহী টাটা ডি আই গাচী লৈ সান্ধ্য আইন অমান্য কৰিবলৈ কি দৰে সাহস পাই ই এক ৰহস্যজনক বিষয়।

উল্লেখ্য যে- উত্তৰ অসমৰ বহু বিৰ্তকিত গো-ছিণ্ডিকেট চক্ৰৰ মূল কাম টেঙাবস্তিৰ পৰাই বহুবছৰ ধৰি নিয়ন্ত্ৰিত হৈ অহা বুলি ৰাইজৰ মাজত সৰৱ চচ্চা হৈ থকাৰ লগতে এই স্থানতেই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই বহু ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ তথা মাফিয়াৰাজ ছলাৰ কথা লখিমপুৰত জিলাত সৱজনবিদীত। লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ নেতৃত্বই কুখ্যাত ৰাহুল হুছেইনসহ সকলো দুৰ্বৃত্তক অনতি বিলম্বে গ্ৰেপ্টাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে সাংবাদিক আক্ৰমণত ব্যৱহাৰ কৰা গাড়ীখন উদ্ধাৰ কৰি সমগ্ৰ কুখ্যাত চক্ৰটো পুলিয়ে পোখাই উঘালি পেলাবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে। অন্যহাতে লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ নেতৃত্বই সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: