সাংবাদিক দেৱবিকাশ দত্তৰ পৰিচালনাৰে চেলেংহাটত ৱেব ছিৰিজ ‘গাহৰি’ৰ শুভ মূহুৰত সম্পন্ন

সংবাদদাতা, টীয়ক:- যোৰহাট জিলাৰ চেলেংহাটৰ কেইজনমান সাংস্কৃতিক ক্ষেত্ৰৰ উদ্যমী যুৱকৰ প্ৰচেষ্টাৰে এখনি ৱেব ছিৰিজ ‘গাহৰি’ৰ পৰিকল্পনা কৰা হৈছে। সাম্প্ৰতিক সময়ৰ সমাজ জীৱনৰ বিভিন্ন দিশ সামৰি ৱেব ছিৰিজ ‘গাহৰি’ৰ মূল বিষয় হিচাপে নিৰ্বাচিত কৰিছে প্ৰযোজনা গোষ্ঠীয়ে। চেলেংহাটৰ কুকুৰাচোৱা গাঁৱৰ নামঘৰত আজি ‘গাহৰি’ৰ শুভ মুহুৰত কৰা হয়। পৰিচালক দেৱবিকাশ দত্তই আঁত ধৰা অনুষ্ঠানত চেলেংহাটৰ বিশিষ্ট শৰীৰ চৰ্চাবিদ তুষাৰ পালে বন্তি প্ৰজ্বলন কৰে। তেখেতক সহযোগ কৰে বিশিষ্ট সমাজকৰ্মী সুনীল দত্তই। সেইদৰে জীৱন গগৈয়ে নাৰিকল ভাঙি আনুষ্ঠানিকতা সম্পন্ন কৰে। সাংবাদিক অনুৰাগ শইকীয়াই মাল্যদান কৰা লগতে কেমেৰাৰ দোৱাৰ মুকলি কৰে চেলেংহাট প্ৰেছ ক্লাবৰ সভাপতি তথা ৱেব ছিৰিজ খনৰ প্ৰযোজক মদন মোহন পাগবন্ধাই মূহুৰত অনুষ্ঠানটি সম্পন্ন কৰে। ‘গাহৰি’ৰ কাহিনী, চিত্ৰনাট্য, আৰু পৰিচালনাৰ দায়িত্বত আছে বিশিষ্ট নাট্যকৰ্মী তথা সাংবাদিক দেৱবিকাশ দত্ত। চিত্ৰগ্ৰহণ তথা সম্পাদনা অঙ্কুৰ দত্ত আৰু ব্যৱস্থাপনাৰ দায়িত্বত আছে অঙ্কুৰজ্যোতি দত্ত। ‘গাহৰি’ত বৃহত্তৰ টীয়ক অঞ্চলৰ স্থানীয় ন-পুৰনি শিল্পীক সুবিধা প্ৰদান কৰা হ’ব বুলি প্ৰযোজনা গোষ্ঠীয়ে জানিবলৈ দিয়ে। চেলেংহাটৰ বিভিন্ন মনোমোহা ঠাইত চিত্ৰগ্ৰহণ হব লগা ৱেব ছিৰিজ খনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব সঞ্জীৱ শইকীয়া, অঙ্কুৰ জ্যোতি দত্ত, দেৱবিকাশ দত্ত, মণ্টো চুতীয়া, লক্ষ্মী প্ৰিয়া গগৈ আদিয়ে। উক্ত ৱেব ছিৰিজখন অহা বহাগ বিহুৰ প্ৰাকমূহুত্বত অসম বাসী ৰাইজৰ বাবে মুকলি কৰি দিব বুলি প্ৰযোজক মদন মোহন পাগবন্ধা আৰু পৰিচালক দেৱবিকাশ দত্তয়ে জানিব দিয়ে।