অসম

সাংসদ আব্দুল খালেকৰ উদ্যোগত দ্ৰোণৰ জৰিয়তে জনীয়া সমষ্টিৰ বিভিন্ন ৰাজহুৱা স্থানত ছেনিটাইজ

সংবাদদাতা, জনীয়া : বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ উদ্যোগত দ্ৰোণৰ জৰিয়তে বৰপেটা জিলাৰ বিভিন্ন ৰাজহুৱা স্থানৰ লগতে জনীয়া সমষ্টিৰ জনীয়া বজাৰ সমূহ ছেনিটাইজ কৰা হয়।‌ কৰ’না মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য

ৰাখি, কৰ’না মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে সৰ্বসাধাৰণ ৰাইজক সজাগ আৰু সচেতন কৰাৰ উপৰিও দ্ৰোণৰ জৰিয়তে বৰপেটা জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত ছেনিটাইজ কৰাৰ পদক্ষেপ গ্ৰহণ কৰে। উল্লেখ্য যে, সাংসদ আব্দুল খালেকৰ

উদ্যোগত আয়োজিত উক্ত ছেনিটাইজ কাৰ্যসূচীত কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাৰ লগতে ভালে সংখ্যক সচেতন ৰাইজ উপস্থিত থাকে। সাংসদ আব্দুল খালেকৰ এনে‌আদৰণীয় পদক্ষেপক উক্ত অঞ্চলৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: