অসম

সাহিত্যিক বিনন্দ শৰ্মা পূজাৰীক সম্বৰ্ধনা

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাটৰ খঙীয়া মৌজাৰ পকামূৰা চাৰিআলিৰ নিবাসী, অৱসৰপ্ৰাপ্ত শিক্ষক, সাহিত্যিক বিনন্দ শৰ্মা পূজাৰীক অসমীয়া সাহিত্য সন্মিলনীৰ পশ্চিম যোৰহাট আঞ্চলিক সমিতিয়ে ১৮ ডিচেম্বৰত সম্বৰ্ধনা জনায়। সন্মিলনীৰ সভাপতি গৌৰীশংকৰ ভূঞাৰ সভাপতিত্বত পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ কাৰ্যালয় সংবাদ ভৱনত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক বীৰেন বৰাই। বিনন্দ শৰ্মা পূজাৰীৰ বহুমূখী প্ৰতিভা আৰু কৰ্মময় জীৱন সন্দৰ্ভত ডঃ পৰাণ বৰুৱা, খগেশ্বৰ বৰাই কয়। মাণিক বৰা, ৰমেন শইকীয়া, অমল শইকীয়া, প্ৰবীন কলিতা, প্ৰতাপ শৰ্মা, নীলিমা বৰঠাকুৰ, পূৰ্ণিমা বৰঠাকুৰ, পূর্ণিমা বৰদলৈ, অনিমা পূজাৰী, ৰূপশ্ৰী পাঠক প্ৰমুখ্যে ভালেসংখ্যক লোক উপস্থিত থকা সভাখনত সম্বৰ্ধনা গ্ৰহণ কৰি বিনন্দ শৰ্মা পূজাৰীয়ে অতিত স্মৃতি ৰোমন্থন কৰে। উল্লেখ্য, বহুকেইখন গ্ৰন্থ লেখি প্ৰকাশ কৰাৰ বাবে বিনন্দ শৰ্মা পূজাৰীক অসমীয়া সাহিত্য সন্মিলনীৰ পশ্চিম যোৰহাট আঞ্চলিক সমিতিৰ লগতে ভালেকেইটা অনুষ্ঠান আৰু ব্যক্তিয়ে ১৮ ডিচেম্বৰত সংবাদ ভৱনত সম্বৰ্ধনা জনায়। তেওঁৰ ভালেকেইখন গ্ৰন্থৰ পাণ্ডুলিপি প্ৰস্তুত কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: