অসম

সাহিত্য সভাৰ নতুন শাখা ‘খাউৰাং সাহিত্য সভা’ গঠন

সংবাদদাতা, টংলা:- ওদালগুৰি জিলা সাহিত্য সভাই আজি ওদালগুৰি চহৰৰ উত্তৰে ভূটান সীমান্তৰ খাউৰাঙত ‘খাউৰাং সাহিত্য সভা’ নামেৰে এটি নতুন শাখা গঠন কৰে। অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ভদ্ৰকান্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত বৃহত্তৰ খাউৰাং অঞ্চলৰ ৰাইজৰ সৰ্বসন্মতি ক্ৰমে শান্তা চিৰপালীক সভাপতি, ইন্দ্ৰ মগৰক উপ সভাপতি লালবাহাদুৰ ছেত্ৰীক সম্পাদক, ভুৱন মৈদালীক সহ: সম্পাদক, লক্ষ্মণ অধিকাৰীক পত্ৰিকা সম্পাদক আৰু অভিষেক মহন্ত, দুৰ্গা বচনেট, ম’হিত ছেত্ৰীক সদস্য হিচাপে লৈ নতুন সমিতিখন গঠন কৰা হয়। আজিৰ সভাত ওদালগুৰি জিলা সাহিত্য সভাৰ হৈ সম্পাদক ডঃ পবিত্ৰ শৰ্মা আৰু সদস্য নিবাৰণ ৰাভা, ‘অসম নেপালী সাহিত্য সভাৰ ওদালগুৰি জিলা সমিতি’, নেপালী সাহিত্য সভা খাউৰাং শাখা, ওদালগুৰি জিলা গোৰ্খা ছাত্ৰসন্থাৰ বিষয়ববীয়াৰ উপৰিও খাউৰাং অঞ্চলৰ ছাত্ৰছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। উপস্থিত সমূহ ৰাইজে অসম সাহিত্য সভাৰ শাখা এটি খাউৰাঙত গঠন হোৱাত সন্তোষ প্ৰকাশ কৰে। শেষত অসম সংগীত পৰিবেশনেৰে সভাৰ সামৰণি মৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: