অসম

সীমান্তত নগাৰ আগ্ৰাসন : অসমৰ বিবাদমান ভূমিত নগাই কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিলে পকী দলং

সংবাদদাতা, মেৰাপানী:- অৰুণাচল, মেঘালয়কে আদি কৰি অসমৰ সীমা কাষৰীয়া বিভিন্ন ৰাজ‍্য সমূহে অসমৰ ভৌগোলিক চাৰিসীমাৰ বিভিন্ন স্থানত অসমৰ ভূমি আগ্ৰাসন চলাই অহাৰ সময়তে, নগালেণ্ড চৰকাৰে অসম-নগালেণ্ড সীমান্ত মেৰাপানীৰত অসমৰ ভূমিত পকি পথ আৰু দলং নিৰ্মাণ কৰা কায‍্যই মেৰাপানী অঞ্চলত তীব্ৰ উত্তেজনা সৃষ্টি কৰিছে। তথ‍্যমতে, মেৰাপানী সীমাৰ ডি চেক্টৰৰ অন্তৰ্গত দৈয়াং গাঁও পঞ্চায়তৰ ভেলৌগুৰি জয়পুৰ গাঁৱত অসম ভূমিত সংগোপনে নগাই প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণ কৰাৰ লগতে প্ৰায় ১ কোটি ৪২ লাখ টকাৰ ব্যৱ সাপেক্ষে এখন আৰ চি চি দলং নিৰ্মাণ কৰা কাৰ্য জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন। নগালেণ্ডৰ পি ডব্লিউ ডি বিভাগৰ বাক্তি সংমণ্ডলে অসম চৰকাৰৰ নিৰবতাৰ সুযোগ লৈ অসমৰ ভূমিৰ মাজেদি নগালেণ্ডৰ চেৰেকা বস্তিলৈ সংযোগী এখন এল- ৩৬. ৫৮ মিটাৰদৈঘ‍্যৰ দলং নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। উল্লেখযোগ্য যে, অসম-নগালেণ্ড দুয়োখন ৰাজ‍্যৰ মাজৰ এই ভূমি খণ্ড দুয়োখন ৰাজ‍্যৰ মাজৰ বিবদমান অঞ্চল হিচাপে চিহ্নত হৈ থকাৰ লগত অসম বা নগালেণ্ড কোনখন চৰকাৰেই এই অঞ্চলত নিজস্ব ভাবে কোনো কাম কৰিব নোৱাৰে আৰু ই প্ৰকৃতাৰ্থত অসমৰ ভূ-খণ্ড। নগালেণ্ডে অসমৰ ভূ-খণ্ডৰ ভূমি আগ্ৰাসন কৰা কায‍্যক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতি আৰূ, অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ লগতে বিভিন্ন দল সংগঠনে জাঙুৰ খাই উঠিছে আৰু যাৱতীয় ব‍্যবস্থা গ্ৰহণ কৰি অসমৰ ভূমিত নগা আগ্ৰাসন মুক্ত কৰিবলৈ দাবী জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: