অসম

সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ছালেহা মেমৰিয়েল কলেজ পৰিচালনা সমিতিৰ

সংবাদদাতা, দৰং:- সদ্যঘোষিত হাইস্কুল আৰু হাইয়াৰ চেকেণ্ডাৰী শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰীক সম্বৰ্ধনা জনায় ছালেহা মেমৰিয়েল কলেজ পৰিচালনা সমিতিয়ে। উল্লেখ্য যে দৰঙৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত গুণগত শিক্ষা প্ৰদান কৰা অন্যতম শিক্ষানুষ্ঠান হৈছে বলোগড়াস্থিত ছালেহা মেমৰিয়েল কলেজ। বিগত বৰ্ষৰ দৰে এইবেলিও ছালেহা মেমৰিয়েল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দৰঙবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে।

হাইস্কুলীয়া শিক্ষান্ত পৰীক্ষাত বিদ্যালয় খনৰ পৰা ২২ জন ছাত্র-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে এজন ছাত্র ডিষ্ট্ৰিংচন তিনিজন ষ্টাৰ সোতৰজনে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ৰেজাউল কৰিম নামৰ ছাত্ৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোটেই কেইটা বিষয়ত লেটাৰ নম্বৰ সহ ৮৮% নম্বৰ লাভ কৰি বিদ্যালয়খনৰ লগতে অঞ্চলখনলৈ গৌৰৱ কঢ়িয়াই আনে। আনহাতে হাইয়াৰ চেকেণ্ডাৰী পৰীক্ষাত ছালেহা মেমৰিয়েল কলেজৰ পৰা কলা শাখাত ২৮ জন প্ৰথম বিভাগ, ৩জন ষ্টাৰ আৰু এজন ডিষ্ট্ৰিংচন লাভ কৰি কলেজখনৰ লগতে অঞ্চলখনলৈ গৌৰৱ কঢ়িয়াই আনে।

বাণিজ্য শাখাত ১২ জন প্ৰথম বিভাগ, ১০জন ষ্টাৰ আৰু এজন ডিষ্ট্ৰিংচন লাভ কৰিবলৈ সক্ষম হৈছে। বিজ্ঞান শাখাত ৪জন প্ৰথম ১১জন ষ্টাৰ আৰু ৭জন ডিষ্ট্ৰিংচন নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। কলেজখনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা উদ্দেশ্যে আয়োজিত সভাত খাৰুপেটিয়া মহাবিদ্যালয়ৰ প্ৰবক্তা নাজিৰ হুছেইন সৰকাৰে সভাপতিত্ব কৰে। আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থকা মহম্মদ আলী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক হৰমুজ আলীয়ে ছাত্র ছাত্ৰীক উদ্দেশ্যে ভাষণ আগবঢ়ায়। আমন্ত্ৰিত অতিথিৰ লগতে ছালেহা মেমৰিয়েল কলেজৰ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত হাইস্কুল আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰী সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় কলেজ পৰিচালনা সমিতিয়ে।

উল্লেখ্য যে দৰঙৰ পূৱ প্ৰান্তৰ এখন চৰকাৰী মহাবিদ্যালয়ৰ লগতে কেইবাটাও ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় স্থাপন হৈছে যদিও ভাল শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠদান নোপোৱাত ভাল ফলাফল আশা কৰিব নোৱাৰে ছাত্র ছাত্ৰীয়ে। যাৰ পৰিপেক্ষিতত উন্নত শিক্ষাৰ বাবে বৃহৎ পৰিমাণৰ ধন অপচয় কৰি ছাত্র ছাত্ৰীয়ে অন্যান্য জিলালৈ ঢাপলি মেলিবলগীয়া হয়। কৃষি প্ৰধান অঞ্চলৰ ছাত্ৰ ছাত্রীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি দৰঙৰ বলোগড়া গাঁৱৰ বিশিষ্ট সমাজ সেৱক আব্দুছ ছোৱানৰ নেতৃত্বত ছালেহা মেমৰিয়েল কলেজ স্থাপন কৰা হয়।

হাইস্কুল আৰু হায়াৰ চেকেণ্ডাৰী পাঠ্যক্ৰম থকাৰ লগতে এইবৰ্ষৰ পৰা শ্নাতক মহলাৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে ছালেহা মেমৰিয়েল কলেজখনত। প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠদান দিয়া ছালেহা মেমৰিয়েল কলেজখনৰ আৰম্ভণিৰ পৰাই ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱালৈ সক্ষম হৈছে। এইবেলিও ছালেহা মেমৰিয়েল কলেজৰ পৰা হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত কলা,বাণিজ্য আৰু বিজ্ঞান শাখাত ৯জন ডিষ্ট্ৰিংচন ২৪জন ষ্টাৰ আৰু ৪৪জন প্ৰথম বিভাগত উত্তীৰ্ণ হয়। হাইস্কুল আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰীসকলৰ লগতে অভিভাৱক সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় কলেজ পৰিচালনা সমিতিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: