সুৰ সম্ৰাগ্ৰী, ভাৰত ৰত্ন লতা মংগেশকাৰৰ মৃত্যুত নিখিল ৰাভা সাহিত্য সভাৰ গভীৰ শোক

সংবাদদাতা, দুধনৈ:- ভাৰত ৰত্ন, পদ্মবিভূষণ, সুৰ সম্ৰাজ্ঞী, ভাৰতৰ নাইটিংগেল, কোকিলকণ্ঠী লতা মংগেশকাৰৰ মৃত্যুত সমগ্ৰ ভাৰতবাসীৰ লগতে নিখিল ৰাভা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰে৷ অকল ভাৰতবাসীকেই নহয় সমগ্ৰ বিশ্বৰ সংগীতপ্ৰেমীক দশক দশক ধৰি মোহাছন্ন কৰি ৰখা লতাজীৰ মহাপ্ৰস্থানৰ খবৰ সকলোৰে বাবে অসহনীয় আৰু হৃদয় বিদাৰক। তেখেতৰ মহাপ্ৰয়াণ ভাৰতবৰ্ষৰ সুবিশাল সাংস্কৃতিক জগতখনৰ অপূৰণীয় ক্ষতি। আজি নিখিল ৰাভা সাহিত্য সভাই প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত প্ৰধান সম্পাদক ৰাজকুমাৰ ৰাভাই কয় যে লতাজীৰ মৃত্যুত ভাৰতীয় সংগীতৰ ক্ষেত্ৰখন মাতৃহাৰা হ’ল৷ এই মূহুৰ্তত লতাজীৰ বিদেহ আত্মাই সৰগত চিৰশান্তি আৰু সদগতি লাভ কৰক, তাৰবাবে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনায় আৰু গভীৰ শোক প্ৰকাশ কৰে নিখিল ৰাভা সাহিত্য সভাই৷ ইয়াৰ সমান্তৰাল ভাবে দুধনৈ উন্নয়ন কমিটি, দুধনৈ ব্যবসায়ী সন্থাৰ কাৰ্যালয় প্ৰাংগণৰ লগতে দুধনৈৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠনে লতাজীৰ মৃত্যুত শোক প্ৰকাশ কৰি লতাজীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি বন্তি প্ৰজ্জ্বলন কৰে৷ দুধনৈ ব্যবসায়ীক প্ৰতিষ্ঠান সমুহৰ সন্মুখতো সন্ধিয়া বন্তি প্ৰজ্জ্বলন কৰি প্ৰয়াত লতাজীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে৷