অসম

সেৱাৰ যোৰহাট জিলা ভিত্তিত আয়োজিত চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

সংবাদদাতা, পূৱ যোৰহাট : যোৰহাটৰ অন্যতম সামাজিক, পাৰিপাৰ্শ্বিক তথা স্বাস্থ্য কল্যাণ কামী বেচৰকাৰী সংস্থা সেৱাই বিশ্ব পৰিৱেশ দিৱস লগত সঙ্গতি ৰাখি আয়োজন কৰা চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে। ত্ৰিশতাধিক প্ৰতিযোগীয়ে অনলাইনযোগে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ যোৰহাট বাল্য ভৱনৰ দেবাশীষ দত্ত প্ৰথম ,

চেমফৰ্ড স্কুলৰ আৰলিনা কৌশিক দ্বিতীয়, কেন্দুগুৰি জাতীয় বিদ্যালয়ৰ অংকিতা শইকীয়া তৃতীয়, ৰংদৈ দ গাঁৱৰ অন্বেষা কাশ্যপ চতুৰ্থ, মিলন নগৰৰ অভিকাশ্যপ শৰ্মা পঞ্চম, জোনাকী সংঘৰ হীৰক জ্যোতি বৰা ষষ্ঠ, চেমফৰ্ড স্কুলৰ যথাৰ্থ ভাস্কৰ বৰা সপ্তম, মহিমাবাৰী হাইস্কুলৰ বিদিশা শইকীয়াৰ অষ্টম, চেণ্টমেৰিজ হাইস্কুলৰ স্কুলৰ আনিস্কা কৌশিক নৱম, বালিগাঁৱৰ অৰ্চিকা দত্তই দশম স্থান লাভ কৰে।

অষ্টমৰ পৰা দশম শ্ৰেণীৰ শাখাত বাহনা বাল্য ভৱন ৰ হৰ্ষিতা বৰা প্ৰথম, বাঘচোং ডনবস্কৰ স্নিগ্ধা বৰা দ্বিতীয় , কেন্দুগুৰি জাতীয় বিদ্যালয়ৰ আয়ুস্মী গোস্বামী তৃতীয় , চাৰিগাও বালিকা বিদ্যালয়ৰ আফ্ৰিন জাহান চতুৰ্থ, কেন্দুগুৰি জাতীয় বিদ্যালয়ৰ জাষ্টিকা বৰুৱা পঞ্চম, চাৰিগাঁও বালিকা বিদ্যালয়ৰ ৰীকিতা নাজিৰ ষষ্ঠ,

যোৰহাট বাল্য ভৱনৰ অন্তৰীপা দাস সপ্তম, দহাবৰা চুকৰ শ্ৰেয়া চাহা অষ্টম , গৰুমৰা হাইস্কুলৰ গৌতম বৰা নৱম আৰু মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শুভলক্ষ্মী বৰুৱাই দশম স্থান লাভ কৰে । বিজয়ী সকলক পৰবৰ্তী সময়ত পুৰস্কাৰ প্ৰদান কৰা হব বুলি সভাপতি সম্পাদকে জানিবলৈ দিয়ে।

Show More

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: