অসম

স্বাধীনতাৰ ৭৪বছৰ পিছতো নহ’ল এখন পকী দলং উত্তৰ চাবুক ধৰাত গাঁৱত

সংবাদদাতা, টংলা: স্বাধীনতাৰ ৭৪টা গৌৰৱোজ্জ্বল বছৰ অতিক্ৰম কৰাৰ পিছতো আজিও এখন দলং নেদেখিলে ওদালগুৰি জিলাৰ পশ্চিম প্ৰান্তৰ উত্তৰ চাবুক ধৰা গাঁওবাসীয়ে৷ ৬৫নং কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁওখনৰ লোকে যুগ যুগ ধৰি আশা কৰি থাকোতেই গ’ল৷ নতুন নতুন চৰকাৰ, মন্ত্ৰী, বিধায়ক আহিল গ’ল৷ নিৰ্বাচনী সময়ত গাঁও খনত প্ৰৱেশ কৰি ভোটৰ লোভত জনপ্ৰতিনিধি সকলে দিয়া প্ৰতিশ্ৰুতি পিছত ফুটুকাৰ ফেনত পৰিণত হয়৷ জিকাৰ পিছত প্ৰতিনিধিত্ব কৰা বিধায়ক বা মন্ত্ৰী, সাংসদে গাঁওখনত খোজ নিদিয়ে৷ যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ- ছাত্ৰী,

ব্যৱসায়ী, চাৰিচকীয়া বাহন, মটৰ চাইকেল, চাইকেল আৰোহী আদিয়ে যমৰ-যাতনাত ভুগিবলগীয়া হৈছে৷ ডেলিভাৰী বা অন্য ৰোগীৰ বিপদৰ সময়ত এখন এম্বুলেন্স সোমাই জৰুৰীকালীনভাৱে চিকিৎসা সেৱাৰ বাবে সুব্যৱস্থাৰ পৰা অৱহেলিত বঞ্চিত হৈ আহিছে মাত্ৰ দলংখনৰ বাবে৷ ঠেলাখনে একমাত্ৰ আশা-ভৰসাৰ সম্বল৷ খৈৰাবাৰীৰপৰা কলাইগাঁৱলৈকে যাতায়াত কৰা উক্ত পথ ছোৱাত কালপানী নদীৰ ওপৰত থকা বাঁহৰ সাঁকোখনে উন্নয়নৰ ফটা ঢোল উদঙাই সুন্দৰ নিদৰ্শন ডাঙি ধৰিছে৷ বিটিচি চৰকাৰৰ দিনটো কোনো এগৰাকী পাৰিষদ বা কাৰ্যবাহী সদস্যই

গাঁওখনৰ উন্নয়ন সাধন কৰিবলৈ বা দলংখন নিৰ্মাণ কৰিবলৈ আগবাঢ়ি নাহি হোহুকা- পিছলা কৰা দেখা গ’ল৷ আগন্তুক দিনত বি টি আৰৰ মুখ্য কাৰ্যাবাহী প্ৰমোদ বড়ো, বিধায়ক দুৰ্গা দাস বড়ো, খৈৰাবাৰীৰ পাৰিষদ ভবেন বড়ো, অসম চৰকাৰৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৮নং মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু লোক নিৰ্মাণ বিভাগ তথা ঊৰ্ধতন কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি গাঁওখনৰ সচেতন ব্যক্তিয়ে সাং বাদিকৰ আগত ব্যক্ত কৰে৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ ৰাইজ সাজু আছে – ৭৪বছৰটা বাট চালো আৰু নাচাও৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: