অসম

স্বাধীনতা দিৱসৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

সংবাদদাতা, বাহনা:- দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৰহাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে অনুষ্ঠিত কৰা অনলাইন কুইজ আৰু ৰচনা প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ মাজৰ ছাত্ৰ-ছাত্ৰীৰ কুইজত মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাৰবীন ৰহমান প্ৰথম,যোৰহাট চৰকাৰী বালিকা বিদ্যালয়ৰ স্নেহা চাহু দ্বিতীয়,

দনিকণা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সুস্মিতা ৰাজকুমাৰী তৃতীয় আৰু নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আকাশদ্বীপ বৰুৱা প্রথম, নয়নমণি গিৰি দ্বিতীয়, চিন্তামণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সত্যজিৎ দত্ত তৃতীয় হয়। ৰচনাৰ ষষ্ঠ-অষ্টমৰ মাজৰ প্ৰতিযোগিতাত ধলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাপ্তি বৰা প্ৰথম, শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ

মুছফিকা বেগম দ্বিতীয়, তিতাৰাম বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পলাশজ্যোতি গগৈ তৃতীয় আৰু নৱম-দ্বাদশ শ্ৰেণীৰ মাজত যোৰহাট বাল্য ভৱনৰ কুব্জিতা কুলকুল প্ৰথম, গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চয়নিকা খনিকৰ দ্বিতীয়,মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীস্মিতা বৰা তৃতীয় হয়। বিদ্যালয়সমূহ খোলাৰ পিছত জিলা প্ৰশাসনৰ তৰফৰ পৰা পুৰষ্কাৰ প্ৰদান কৰা হ’ব বুলি বিদ্যালয়সমূহৰ পৰিদৰ্শকে জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: