অসম

স্বেচ্ছাসেৱী অনুষ্ঠান সেৱাৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভাষাবিদ ড০ বসন্ত কুমাৰ গোস্বামী

অসমীয়া ভাষা-সাহিত্যলৈ অশনি সংকেত কঢ়িয়াই আনিছে ইলেক্ট্ৰনিক প্ৰচাৰ মাধ্যমে

সংবাদদাতা, বাহনা:- অসমীয়া ভাষা-সাহিত্যলৈ অশনি সংকেত কঢ়িয়াই আনিছে ইলেক্ট্ৰনিক প্ৰচাৰ মাধ্যমে। এনেদৰেই ২৫ ডিচেম্বৰত অনুষ্ঠিত মুকলি সভাত নিজৰ ক্ষোভ প্ৰকাশ কৰে ভাষাবিদ ড০ বসন্ত কুমাৰ গোস্বামীয়ে। যোৰহাটৰ অগ্ৰণী সামাজিক, পাৰিপাৰ্শ্বিক তথা স্বাস্থ্য কল্যাণ কামী বেচৰকাৰী অনুষ্ঠান সেৱাৰ ১৯ সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত দ্বিতীয় বাৰ্ষিক অৰুণ- নিৰদা নাজিৰ স্মাৰক বক্তৃতা প্ৰদান কৰি ভাষাবিদ ড০ গোস্বামীয়ে কয় যে পুডুচেৰীৰ সকলোতে তামিল ভাষা জিলিকি থাকে। পুডুচেৰীৰ কতো ইংৰাজী ভাষা প্ৰয়োগ নহয়। পাঞ্জাৱত সংবিধান সংশোধনী কৰি বিধেয়ক পাছ কৰি সকলো কৰ্মচাৰীয়েই পাঞ্জাৱী ভাষা শিকাটো বাধ্যতামূলক কৰিলে। কিন্ত অসমত প্ৰসাশনীয় ভাষা ৰূপে এতিয়াও অসমীয়া ভাষা প্ৰযোজ্য নহল। উত্তৰ যোৰহাটৰ বাহনা তিনিআলিস্থিত সেৱাৰ স্থায়ী প্ৰেক্ষাগৃহত যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বাহনা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ চেনিৰাম দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাষাবিদ তথা অভিধান প্ৰণেতা ড০ বসন্ত গোস্বামীয়ে অসমীয়া ভাষীৰ ইংৰাজী ভাষাটোৰ প্ৰতি থকা অহেতুক ধাউতিক ক্ষুৰধাৰ সমালোচনা কৰে। অসমীয়া ভাষাৰ শুদ্ধতাৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ লগতে সচেতন হ’বৰ বাবেও উপস্থিত সকলক আহ্বান জনায়। যোৰহাটৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী, চিকিৎসক তথা সেৱাৰ উপদেষ্টা ড০ বলিন খাৰঘৰীয়াই উদ্বোধন কৰা মুকলি সভা প্ৰবীন নাট্যকাৰ, অভিনেতা শৈলেন কুমাৰ নাথ, যোৰহাটৰ প্ৰবীণ সাংবাদিক অনন্ত নাৰায়ণ বৰঠাকুৰক সম্বৰ্ধনা জনায়। সেৱাৰ দ্বিতীয় বাৰ্ষিক ভদ্ৰেশ্বৰ- দেৱে শইকীয়া সোঁৱৰণী সমাজ সজ্জন অভিধা বিশিষ্ট উদ্ভাৱক ড০ উদ্ধৱ ভৰালীলৈ আগবঢ়াই। সেৱাৰ মূল সমিতিৰ সভাপতি হেমেন কুমাৰ শইকীয়াই আদৰণি ভাষণ পাঠ কৰা সভাত উদেশ্য ব্যাখ্যা আগবঢ়াই সেৱাৰ সচিব প্ৰণৱজ্যোতি শইকীয়াই। মুকলি সভাত আঁত ধৰে সমাজকৰ্মী তথা সেৱাৰ কাৰ্যকৰী সমিতিৰ সভাপতি জগন্নাথ অগ্নিবৰাই। বিশিষ্ট অতিথিৰূপে সভাত যোৰহাটৰ জেষ্ঠ সাংবাদিক নৱজ্যোতি বৰুৱা আৰু অঞ্জন কুমাৰ বৰাই বক্তব্য আগবঢ়ায়। এই মুকলি সভাত সেৱাৰ তৰফৰ পৰা দুগৰাকী বিশেষ ভাবে সক্ষম ব্যক্তিক এখনি হুইল চেয়াৰ আৰু এটি টয়লেট কিট প্ৰদান কৰা হয়। প্ৰতিস্থিত ব্যৱসায়ী ৰাতুল বৰুৱাক স্বনিৰ্ভৰশীলতাৰ বাবে, কৰ্মসংস্কৃতিৰ সাধক বিমান দত্তক এই সভাত সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে শ্ৰীমন্ত মাধৱ বৰুৱা আৰু ৰাজীৱ কুমাৰ নাজিৰে। তুমি মালালা কথাছবিৰ জৰিয়তে শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা অংশ্ৰুতা কাশ্যপ, সাংবাদিক বিৰাজ বৰুৱাৰ লগতে প্ৰাগ নিউজৰ জেষ্ঠ সাংবাদিক জোনজ্যোতি দত্তবৰাক সম্বৰ্ধনা জনোৱা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সঙ্গতি ৰাখি আয়োজন কৰা জিলাভিত্তিক কুইজ আৰু চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক এই সভাত পুৰস্কাৰ প্ৰদান কৰা হয়। সভাত অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন সভাপতি ড০ প্ৰমোদ চন্দ্ৰ নেওগ, নেইষ্টৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড০ পৰাণ বৰুৱা, আজু, যোৰহাট জিলা সমিতিৰ সভাপতি যোগেশ ওজা, শিল্পী অৰুণ দাস প্ৰমুখ্যে বহু গুনীমানি ব্যক্তি উপস্থিত থাকে। অনাতাঁৰ শিল্পী হিমাৰানী কলিতাৰ পৰিচালনাত সমবেত সংগীতৰ দ্বাৰা আৰম্ভ হোৱা সভাখনিত শিশু শিল্পী আবৰ্তন শইকীয়াৰ গীত, অভিকাশ্যপ শৰ্মাই বাহী বাদন কৰে। পুৱা পতাকা উত্তোলন কৰে সেৱাৰ সভাপতি হেমেন কুমাৰ শইকীয়াই। স্মৃতি তৰ্পন কৰে সুৰেণ কলিতাই।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: