অসম

স্বেচ্ছাসেৱী অনুষ্ঠান ৰূদ্ৰাক্ষী এটি নাম সহায়ৰ স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

সংবাদদাতা, বাহনা : ১৪ জুন তাৰিখত ৰুদ্ৰাক্ষী এটি নাম সহায়ৰ বেচৰকাৰী সংস্থাৰ সৌজন্যত যোৰহাট ৰে’লৱে ষ্টেছনত এখনি স্বাস্থ্য পৰীক্ষা শিবিৰ অনুস্থিত হৈ যায়। উক্ত অনুষ্ঠানত যোৰহাট জিলা স্বাস্থ্য সেৱা বিভাগৰ তৰফৰ পৰা ষ্টেচন আৰু পদপথৰ বাসিন্দা সকলৰ  প্ৰত্যেকৰে কভিদ টেষ্ট (RAT), যক্ষ্মা ৰোগ আৰু HIVৰ আনুসঙ্গিক পৰীক্ষা সমূহ কৰোৱা হয়।

লগতে ICTC কাউন্সেলিঙৰ জড়িয়তে নিচামুক্ত আৰু ভৱিষ্যতে কিবা কৰ্ম কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকক কাউন্সেলিং কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে জিলা যক্ষ্মা নিয়ন্ত্ৰণ কোষৰ মনোবিজ্ঞানী আৰু জিলা এইডচ নিয়ন্ত্ৰণ বিভাগৰ মনোবিজ্ঞানীদ্বয়ে পদপথৰ বাসিন্দা সকলক ভৱিষ্যতে নিচামুক্ত হৈ কৰ্মস্পৃহাৰ প্ৰতি কেনেকৈ আগ্ৰহী হ’ব পাৰে সুন্দৰকৈ বুজাই দিয়ে।‌‌‌

এই অনুষ্ঠানত জিলা যক্ষ্মা কেন্দ্ৰৰ PMDT আৰু STF আৰু বহুকেইজন সন্মানীয়  চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু ৰুদ্ৰাক্ষী পৰিয়ালৰ সমূহ সদস্য। অনাগত দিনত আৰু কিছু পৰিকল্পনাৰে ৰুদ্ৰাক্ষীৰ প্ৰতিজন কৰ্মকৰ্তাই সমাজৰ বাবে ইতিবাচক চিন্তাৰে আগবাঢ়ি যোৱাৰ সংকল্প লোৱা হয়। তাৰোপৰি সংস্থাটোৰ ফালৰ পৰা পদপথৰ বাসিন্দা সকলক আৰু কৰ্তব্যৰত যানবাহন আৰক্ষীসকলক নিশাৰ এসাঁজ খাদ্য যোগান ধৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: