অসম

স্বৰ্ণ বঁটা প্ৰাপক কুঞ্জলতা বড়োক সম্বৰ্ধনা ভেৰগাঁও জিলা UPPLৰ

সংবাদদাতা, টংলা: ওদালগুৰি জিলা অন্তৰ্গত ভেৰগাঁও মহকুমাৰ ভেৰগাঁও জিলা ইউপিপিএলৰ উদ্যোগত আজি স্বৰ্ণ বঁটা প্ৰাপক কুঞ্জলতা বড়োক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে নেপালত অনুষ্ঠিত হোৱা ২০২০-২০২১ বৰ্ষৰ আন্ত ৰাষ্ট্ৰীয় সুংযুক্ত ভাৰতীয় খেল ফাউণ্ডেচনত ভাৰতৰ হৈ অংশগ্ৰহণ কৰি ১০০ মিটাৰ আৰু ২০০ মিটাৰ মাষ্টাৰ্ছ এথলেটিকছত দুটাকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

যোৱা ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈ অনুষ্ঠিত হোৱা অন্তঃৰাষ্ট্ৰীয় খেলখনত এছিয়া মহাদেশৰ কেইবাখনো দেশৰ খেলৈয়ে অংশগ্ৰহণ কৰা ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত দুটাকৈ প্ৰথমস্থান দখল কৰি বিটিআৰ তথা অসম বাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ওদালগুৰি জিলাৰ কলাইগাঁ‌ও ভকতপাৰা গাঁ‌ৱৰ নিবাসী তথা ইউপিপিএল মহিলা মঞ্চৰ জ্যেষ্ঠ কৰ্মী কুঞ্জলতা বড়োক লৈ সমগ্ৰ বিটিআৰবাসী গৌৰৱান্বিত হৈছে, যাৰ পৰিপেক্ষিতত আজি ইউপিপিএলৰ উদ্যোগত সম্বৰ্ধনা কাৰ্য্যসূচী ৰূপায়ণ কৰে।

ভেৰগাঁও জিলা ইউপিপিএলৰ সভাপতি নন্দৰাম বড়োয়ে সঞ্চালনা কৰা উক্ত সভাখনত উপস্থিত থাকে ক্ৰমে ইউ পি পি এলৰ নেতা বাবুল বসুমতাৰী, মনমোহন বড়ো, কামাল আজাদ, এম চি এল এ দিলীপ বড়ো, বিভিন্ন ভিচিডিচিৰ অধ্যক্ষ, উপাধ্যক্ষ, টি চিএল চিচি ৰ বিষয়া তথা ইউ পি পি এলৰ নেতা কৰ্মী সকলে। ইউপিপিএলৰ সভাপতি জনে সভাত ব্যক্ত কৰি কয় যে কয় যে ৰাজ্যত অন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক লাভ কৰি থকা আনন্দৰ সময়তে কুঞ্জলতা বড়োৰ দুটা অন্তৰাষ্ট্ৰীয় সোণাৰ পদকে ৰাজ্যখনক তথা ক্ৰীড়া জগত খনত আৰু অধিক উৎসাহিত কৰিব বুলি জানিব দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: