অসম

স্হানীয় ৰাইজে মেৰামতি কৰিলে ভূঞাখাটৰ বিধ্বস্ত পথ

টংলাৰ প্ৰতিবেদক:- ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত কলাইগাঁও বিধানসভা সমষ্টি আৰু খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ ভূঞাখাট গাঁৱৰ টংলা- ছিপাঝাৰ পথৰ পৰা ভূঞাখাট হাইস্কুল সংযোগী পথটো কেইবাবছৰ ধৰি বিধ্বস্ত অবস্থাতেই আছে যাৰ ফলত বিশেষকৈ ভূঞাখাট গাঁৱৰ গনকপাৰা চুবাৰ ৰাইজে ভুগিছে যমৰ-যাতনা। বাৰিষা অহাৰ লগে-লগে পথটিৰে গাড়ী-মটৰ দূৰৰে কথা মানুহে খোজকাঢ়ি অহা-যোৱা কৰাও কঠিন হৈ পৰে। টংলা ছিপাঝাৰ পথৰ পৰা ভূঞাখাট হাইস্কুল সংযোগী পথটোৰ দুৰৱস্থাই বছৰ-বছৰ ধৰি জ্বলা-কলা খুৱাইছে ভূঞাখাটৰ ৰাইজক। ৰাইজৰ অভিযোগ-চৰকাৰ আহে চৰকাৰ যায়, কিন্তু এই বিশেষ পথটোৰ কোনো উন্নয়নহে হোৱা নাই। নিৰ্বাচনৰ সময়ত সকলো দলীয় নেতা-কৰ্মীৰ পৰা ‌প্ৰতিশ্ৰুতি অহা ভূঞাখাট গনকপাৰা পথটোৰ কথা নিৰ্বাচন পাৰ হ’লেই পাহৰি যায় সকলো জনপ্ৰতিনিধিয়ে। যাৰ বাবে যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে কণকণ শিক্ষাৰ্থীৰ লগতে স্থানীয় ৰাইজে। সেয়ে প্ৰতি বছৰে ভূঞাখাট গনকপাৰাৰ ৰাইজে মেৰামতি কৰি আহিছে পথটো। ভূঞাখাট গাঁৱৰ কেইবাজনো স্থানীয় ব্যক্তি পথটিৰ কিছু পৰিমাণে মেৰামতি কৰিবলৈ ওলাই আহে। এনে ক্ষেত্ৰত এই গুৰুত্বপূৰ্ণ পথটিৰ পকিকৰণ বাবে চৰকাৰক দাবী জনাই ভূঞাখাট গাঁৱৰ ৰাইজে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button