সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ গোটৰ ক’লা দিৱস পালন

সংবাদদাতা, কোকিলা:- নতুন পেঞ্চন ব্যৱস্থাক কাৰ্যকৰী কৰি চৰকাৰী কৰ্মচাৰীৰ জীৱনলৈ অমানিশা কঢ়িয়াই অনাত ১ ফেব্ৰুৱাৰীৰ দিনটোক ৰাজ্যখনৰ সকলো চৰকাৰী কৰ্মচাৰীৰ লগতে সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ গোটে ক’লা দিৱস হিচাপে পালন কৰে। National Old Pension Restoration United Forum (NOPRUF) আৰু All Assam Govt NPS Employee’s Association (AAGNPSEA)ৰ আহ্বান মৰ্মে নতুন পেঞ্চন ব্যৱস্থাৰ (NPS) বিৰুদ্ধে আৰু পুৰণি পেঞ্চন ব্যৱস্থা (OPS) পুনৰ প্ৰৱৰ্তনৰ দাবীত মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰীসকলে দিনৰ ১২ বজাৰ পৰা ১ বজালৈ এক ঘণ্টীয়া কৰ্মবিৰতি পালন কৰে। মহাবিদ্যালয়ৰ প্ৰৱেশ পথৰ সন্মুখত একত্ৰিত হৈ ক’লা বেজ পৰিধান কৰি নতুন পেঞ্চন ব্যৱস্থাৰ বিৰুদ্ধে বিভিন্ন প্লে-কাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন শ্ল’গানেৰে এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। বৰনগৰ মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি ৰেজাউল কৰিম আহমেদ, সম্পাদক জাহিৰুল আলম আৰু অধ্যাপক জানমণি বৰাই নতুন পেঞ্চন ব্যৱস্থাৰ বিৰোধিতা কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে আমাৰ ভৱিষ্যত জীৱনটো চেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব বিচাৰিছে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁলোকে চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি ব্যৱস্থাকে বাহাল ৰাখিবলৈ তেওঁলোকে দাবী জনায়।