অসম

সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ সুৰভীৰ ধাৰাবাহিক সফলতা

সংবাদদাতা, সৰভোগ:- অসম ইঞ্জিনিয়াৰিং মহাবিদ্যালয় PYROKINESIS-22 উদ্যোগত এৰা বাটৰ সুৰ(A Walk Down The Golden Road)ছুটি ছবি প্ৰতিযোগিতাত বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ সাফল্য, ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত বৰনগৰ মহাবিদ্যালয়ৰ “সুৰভী” চিনেমাখনে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। জানিবলৈ পোৱা মতে-অসম ৰাজ্যিক A.I.D.S কণ্ট্ৰোল ছ’চাইটিয়ে ৰাজ্যৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয় সমূহৰ মাজত এখন ছুটি ছবি প্ৰতিযোগিতাৰ আয়োজন কৰিছিল, এই প্ৰতিযোগিতাত বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অধ্যাপক ৰেজাউল কৰিম আহমেদে নিৰ্মাণ কৰা “সুৰভী” নামৰ ছুটি ছবিখনে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল, বৰনগৰ মহাবিদ্যালয়ৰ সুৰভীৰ ছুটি চিনেমাখনৰ ধাৰাবাহিকভাৱে সফলতা লাভ কৰি থকাৰ বাবে বৰনগৰ মহাবিদ্যালয়খনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে, মহাবিদ্যালয়খনৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ৰেজাউল কৰিম আহমেদে প্ৰযোজনা কৰা ছুটি চিনেমাখনৰ পৰিচালক হৈছে স্নাতক মহলাৰ ছাত্ৰ ঋতুপৰ্ণ ঠাকুৰীয়া, অভিনয়ত আছে- বিনীতা দাস, ৰেজাউল কৰিম আহমেদ, হৃদী কাশ্যপ আৰু ৰেইলী টি ৰয়, চিনেমাখনৰ নেপথ্যত আছে-ক্ৰিয়েটিভ এডভাইছাৰ বিজু দাস, মিউজিক দ্বীপজ্যোতি দাস, সহকাৰী শব্দ গ্ৰহণকাৰী ময়ূৰ প্ৰিয়াংশু তালুকদাৰ আৰু পলাশ গোস্বামী, চিনেমাখন A.I.D.S ৰোগৰ বিভিন্ন দিশ আৰু সজাগতাৰ বিভিন্ন দিশ সামৰি নিৰ্মাণ কৰা হৈছিল আৰু মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা অধ্যাপক সকলে অভিনয় কৰিছিল।

Show More

Leave a Reply

Your email address will not be published.

Back to top button