সৰস্বতী পূজাত পুথিভঁৰাললৈ গ্ৰন্থ সংগ্রহ

সংবাদদাতা, পশ্চিম যোৰহাট:- শিক্ষানুষ্ঠান, পুথিভঁৰালৰ উপৰি একাংশ মন্দিৰত শনিবাৰে পালন কৰা হ’ল বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। সৰস্বতী পূজা পালনৰ লগতে যোৰহাটৰ উত্তৰ-পশ্চিম শিক্ষা খণ্ডৰ এলেকাভুক্ত সাহপুৰীয়া কে চি এল পি স্কুলৰ পুথিভঁৰাললৈ গ্ৰন্থ সংগ্ৰহ কৰা হয়। সাহপুৰীয়া গাঁওখনৰ একমাত্ৰ শিক্ষানুষ্ঠান সাহপুৰীয়া কে চি এল পি স্কুলত বছৰি পালন কৰা সৰস্বতী পূজাত গাঁওখনপ বাসিন্দাসকলে অংশগ্ৰহণ কৰে। বিগত বৰ্ষৰ পৰা সৰস্বতী পূজালৈ আহোঁতে বাসিন্দাসকলে শিশু উপযোগী একোখনকৈ গ্ৰন্থ লৈ আহে। পৰিচালনা সমিতিৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই এইবছৰো সৰস্বতী পূজাত অংশগ্ৰহণ কৰিবলৈ অহাসকলে একোখনকৈ শিশু উপযোগী গ্ৰন্থ পুথিভঁৰাললৈ দানৰূপে আগবঢ়ায়। ৰাইজৰ দান বৰঙনিয়ে প্ৰতিবছৰে পালন কৰি অহা সৰস্বতী পূজালৈ আহোঁতে একোখনকৈ শিশু উপযোগী গ্ৰন্থ প্ৰতিবছৰে বিদ্যালয়খনৰ পুথিভঁৰাললৈ আগবঢ়োৱাৰ গাঁওখনৰ বাসিন্দাসকলে সংকল্প লোৱাৰ লগতে এই আদৰ্শ ৰাজ্যখনৰ সকলো বিদ্যালয়ৰ সৈতে জড়িত ব্যক্তি, অভিভাৱক, শুভাকাংক্ষীৰ প্ৰতি অনুৰোধ জনাইছে। উল্লেখ্য, ৰাজ্যখনৰ প্ৰতিখন নিম্ন প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈকে সকলোতে চৰকাৰে একোটাকৈ পুথিভঁৰাল গঠন কৰিছে। এই পুথিভঁৰালসমূহত সংৰক্ষিত গ্ৰন্থসমূহ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিলেহে প্ৰকৃত সাৰ্থকতা থাকিব বুলিও অভিভাৱকসকলে মন্তব্য কৰিছে। হেম বৰুৱাই কৈছিল, সৰস্বতী পূজা পাতি ধন খৰচ কৰাতকৈ প্ৰতিখন গাঁৱতে একোটাকৈ পুথিভঁৰাল প্ৰতিষ্ঠা কৰিব পৰা ভাল। এই কথাও ৰাজ্যখনৰ বাসিন্দাসকলে চিন্তা কৰাৰ লগতে ৰূপায়ণ কৰা উচিত বুলি সাহপুৰীয়া কে চি এল পি স্কুলৰ সৈতে জড়িতসকলে মন্তব্য কৰিছে।