অসম

সৰুপথাৰত দুখনকৈ নামবৰ সেৱাৰ বাছ মুকলি বিধায়ক বিশ্বজিৎ ফুকনৰ

সংবাদদাতা, ধনশিৰি:- সৰুপথাৰ সমষ্টিত ইটোৰ পিছত সিটো উন্নয়ন হোৱাৰ মাজতেই সৰুপথাৰবাসীৰ বাবে পুনৰ ভাল খবৰ। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে মঙ্গলবাৰে সন্ধিয়া সৰুপথাৰৰ নগৰৰ পৰা গুৱাহাটী অভিমুখে দৈনিক যাবলগীয়া দুখনকৈ উন্নত মানদণ্ডৰ নামবৰ সেৱাৰ বাছ মুকলি কৰে। ৩৮জনীয়া চিটেৰে পৰিপুৰ্ণ দুয়োখন বাছেই অহা ২৩ জানুৱাৰী তাৰিখ দেওবাৰৰ পৰা পুৱা ৬ বজাৰ পৰা আৰু সন্ধিয়া ৮বজাৰ পৰা দৈনিক গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ ওবেৰাইজেশ্বন আঁচনিৰ অধীনত মুকলি হোৱা বাছ দুখনিয়ে সৰুপথাৰবাসীৰ ৰাইজৰ এটি দীৰ্ঘদিনীয়া আশা পূৰণ কৰিলে। আজিৰ পৰা ১৫/১৬ বছৰমান পূৰ্বে সৰুপথাৰৰ পৰা ৰত্নগিৰি আৰু ত্ৰিশুলসেৱাৰ নৈশ বাছ গুৱাহাটীলৈ চলিছিল যদিও যাত্ৰীৰ অভাৱত এইসমূহ বাছ সেৱা ক্ৰমাৎ বন্ধ হৈ পৰিছিল। যাৰ ফলত সৰুপথাৰৰ পৰা গুৱাহাটীলৈ যাবৰ বাবে ৰেলৰ বাহিৰে যাত্ৰীসকলৰ বিকল্প ব্যৱস্থা নাছিল। কিন্তু এতিয়া দিন সলনি হল। সৰুপথাৰত যাত্ৰীৰ সংখ্যাও দিনক দিনে যথেষ্ট বৃদ্ধি ঘটিল। কিন্তু উপযুক্ত যাতায়ত ব্যৱস্থা নথকাৰ বাবে সৰ্বসাধাৰণ যাত্ৰীয়ে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছিল। সেয়েহে এই নামবৰ সেৱাৰ দুখনকৈ বাছ সৰুপথাৰৰ পৰা মুকলি হোৱাত উৎফুল্ল হৈ পৰিছে সকলো ৰাইজ। সৰুপথাৰৰ পৰা যাতায়তৰ ক্ষেত্ৰত অধিক সুচল কৰি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা বিধায়ক বিশ্বজিৎ ফুকন আৰু বাছৰ স্বত্বাধিকাৰী অৰূপবল্লভ গোস্বামীৰ পৰিয়ালবৰ্গৰ এই মহান পদক্ষেপক সকলো ৰাইজে উচ্চ প্ৰশংসা কৰিছে। এই মুকলি অনুষ্ঠানত বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে বাছৰ স্বত্বাধিকাৰী অৰূপ বল্লভ গোস্বামীৰ পৰিয়ালবৰ্গ, বিজেপিৰ ৰাজ্যিক কৃষাণ মৰ্চাৰ সভাপতি দেৱজিৎ বৰা, বড়ো কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যববাহী সদস্য প্ৰদিপ স্বৰ্গীয়াৰী, সৰুপথাৰ বিজেপিৰ মণ্ডল সভাপতি পৰমা লাহন আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিষয়ববীয়াৰ লগতে ভালে সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button