অসম

সৰুপথাৰত বিধায়ক বিশ্বজিৎ ফুকনে “বিজ্ঞান মহাবিদ্যালয়”ৰ ভূমি পূজন কৰে

সংবাদদাতা, ধনশিৰি:- সৰুপথাৰ সমষ্টিত উন্নয়নৰ সোঁত। সৰুপথাৰত এখন বিজ্ঞান মহাবিদ্যালয়ৰ অভাৱত বহুত ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট কষ্ট আৰু টকা-পইচাৰ খৰচ হৈছিল। সৰুপথাৰৰ পৰা বহু সংখ্যক বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে গোলাঘাট নতুবা অসমৰ আন আন প্ৰান্তৰ মহাবিদ্যালয়ত পঢ়িবলৈ যাবলগীয়া হৈছিল। কিন্তু সেই অভাৱ এতিয়া পুৰণৰ দিশে গতি কৰিছে। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সেই অভাৱ দুৰ কৰাৰ লক্ষৰে সৰুপথাৰ ইকৰাণীত চিগনেচাৰ পূঁজিৰ অধীনত নিৰ্মাণ হ’বলগীয়া “বিজ্ঞান মহাবিদ্যালয়”ৰ আজি ভূমি পূজন কৰে। এই ভূমি পূজন অনুষ্ঠানত বিধায়ক বিশ্বজিৎ ফুকনে কয় সৰুপথাৰ সমষ্টিক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ স্বাৰ্থত আমি যথেষ্ট সংখ্যক উন্নয়নমূলক কাম হাতত লৈছো। কেইবাখনো হাইস্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ইতিমধ্যে ৰূপান্তৰ কৰা হৈছে। লগতে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ২৫খন বিদ্যালয়ৰ আন্ত: গাঁঠনি উন্নয়নৰ বাবে ৫০লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে। এই বিজ্ঞান মহাবিদ্যালয়খনিয়ে ছাত্ৰ-ছাত্ৰীৰ অভাৱ, কষ্ট দুৰ কৰাৰ লগতে অঞ্চলিটিৰো যথেষ্ট উন্নয়ন হ’ব। বিধায়কজনে বিজ্ঞান মহাবিদ্যালয়খনিৰ কাম আগন্তুক ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ দিয়ে। বিগত কংগ্ৰেছ চৰকাৰৰ দিনতেই আধাৰশিলা নিৰ্মাণ হোৱা বিজ্ঞান মহাবিদ্যালয়খনিৰ কাম চৰকাৰৰ হেমাহিৰ বাবেই আৰম্ভ হোৱা নাছিল। আজি ভূমি পূজন অনুষ্ঠানত বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে সৰুপথাৰ অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক সিদ্ধেশ্বৰ শইকীয়া, বড়ো কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদিপ স্বৰ্গীয়াৰী, বিশিষ্ট ব্যৱসায়ী গোপাল আগৰৱালা, বিজেপিৰ জেষ্ঠ কৰ্মী হিৰা গগৈ, বিজেপিৰ মহিলা জেষ্ঠ কৰ্মী টুটুমণী বৰাকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি আৰু বিজেপি কৰ্মী উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: