সৰুপথাৰত সিদ্ধি বিনায়ক মন্দিৰৰ শুভাৰম্ভ

সংবাদদাতা, ধনশিৰি:- ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰৰ ২নং ৱাৰ্ডত আজি সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মেৰে নৱনিৰ্মিত সিদ্ধি বিনায়ক মন্দিৰ ভাগিৰ শুভাৰম্ভ কৰা হয়। আটক ধুনীয়াকৈ নিৰ্মাণ কৰা এই গণেশ মন্দিৰটোৱে সমগ্ৰ ধনশিৰি মহকুমাতে ধৰ্মীয় প্ৰাণ ৰাইজৰ এটি দীৰ্ঘ দিনীয়া আশা পুৰণ কৰিলে। অতি সুন্দৰ আৰু আকৰ্ষণীয় গণেশ বাবাৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰি এই মন্দিৰ ভাগি আৰম্ভ কৰা হৈছে। পুৱাৰ ভাগৰে পৰা অগণন ভক্ত উপস্থিত হৈ পূজা-অৰ্চনা কৰে। নতুনকৈ আৰম্ভ কৰা এই সিদ্ধি বিনায়ক মন্দিৰটোৰ শুভাৰম্ভ অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিভিন্ন ভক্তপ্ৰাণ ৰাইজৰ লগতে বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত হৈ গণেশ বাবাৰ চৰণত সেৱা লয়। বিধায়কজনে মন্দিৰটোৰ জড়িয়তে জনগণৰ মাজত শান্তি-সম্প্ৰীতি বৃদ্ধি হ’বলৈ প্ৰাৰ্থনা জনাই। তেখেতে কয় এই মন্দিৰটোৱে সৰুপথাৰৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। গতিকে মন্দিৰটোৰ পৰিচালনা সমিতি আৰু সমূহ সৰুপথাৰবাসী ৰাইজক মোৰ কৃতজ্ঞতা জনালো। লগতে বিধায়কজনে আগন্তুক ৪ ফেব্ৰুৱাৰী তাৰিখে সৰুপথাৰত ১০০ বিচনাযুক্ত মহকুমা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰাৰ কথাও ঘোষণা কৰে। ইয়াৰ উপৰিও তেওঁ কয়, সৰুপথাৰ আৰু বৰপথাৰ নগৰবাসীৰ মাজত ঘৰে ঘৰে পাইপলাইনযুক্ত গেচ সংযোগ অফলাইন আৰু অনলাইনযোগে দি থকা হৈছে। সেয়েহে সমূহ সৰুপথাৰ আৰু বৰপথাৰবাসী ৰাইজক এই সুবিধা ল’বলৈ অনুৰোধ জনায়। সিদ্ধি বিনায়ক মন্দিৰ ভাগিৰ বাবে সৰুপথাৰ নগৰৰ বাসিন্দা মৌজাদাৰ পৰিয়াল বৰ্গই নিজ পিতৃৰ সোঁৱৰণত মন্দিৰটো নিৰ্মাণ কৰিবৰ বাবে ভূমি দান কৰে। সেয়েহে তেখেতসকলৰ পৰিয়াল বৰ্গৰ মহান দানক মন্দিৰ পৰিচালনা সমিতি আৰু উপস্থিত সকলো ৰাইজে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনাগত দিনত এই গণেশ মন্দিৰৰ কৃপাত সৰুপথাৰ বাসী ৰাইজৰ মাজত শ্ৰদ্ধা, ভক্তি আৰু শান্তি সম্প্ৰীতি অটুত ৰখাত নিশ্চয় সুফল লাভ কৰিব।