অসম

সৰুপথাৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মুকলি কৰিলে মহকুমা চিকিৎসালয়ৰ আধাৰশিলা

সংবাদদাতা, ধনশিৰি:- সৰুপথাৰবাসী ৰাইজৰ বাবে সু-খবৰ। এক দীৰ্ঘদিনীয়া অভাৱ পুৰণৰ দিশে সৰুপথাৰ। যুগ যুগ ধৰি এখন উন্নতমানৰ তথা সা-সুবিধা সম্পন্ন চিকিৎসালয়ৰ অভাৱত যান্ত্ৰণা ভুগি আহিছিল সৰুপথাৰবাসী ৰাইজে। কিন্তু বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত যেন এটা এটাকৈ সকলো সমস্যা সমাধান হৈ পৰিছে সৰুপথাৰত। বিধায়কজনে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আন্তৰিকতাৰে পালন কৰিছে। প্ৰায় ১২, ২৮, ৫২৪৮৭(বাৰ’ কোটি আঠাইশ লাখ বাৱন হাজাৰ চাৰিশ সাতাশী) টকা ব্যয় সাপেক্ষে সৰুপথাৰ পদুমণীত নিৰ্মাণ হ’বলগীয়া ১০০খন বিছনাযুক্ত মহকুমা চিকিৎসালয়খনৰ আজি বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই আধাৰশিলা মুকলি কৰে। বিধায়ক বিশ্বজিৎ ফুকনে জনোৱা মতে আগন্তুক ১৮ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হবলগীয়া মহকুমা চিকিৎসালয়খনত প্ৰতিটো বিভাগৰে চিকিৎসক থকাৰ উপৰিও উন্নত মানৰ চিকিৎসা প্ৰদান কৰিব। বছৰ বছৰ ধৰি ধনশিৰি মহকুমাৰ সৰুপথাৰত এখন সমূহীয়া স্বাস্থ্য কেন্দ্ৰতেই ৰুগী চোৱা চিতা কৰিছিল। যত নাছিল পৰ্যাপ্ত সা-সুবিধা। যাৰ বাবে সৰুপথাৰবাসী ৰাইজে সৰু-সুৰা অসুখৰ বাহিৰে অন্যান্য বেমাৰ-আজাৰ দেখুৱাবলৈ ডিমাপুৰ নতুবা গোলাঘাটলৈ দৌৰিব লগীয়া হৈছিল। সূদীৰ্ঘ ৩৪ বছৰৰ পিছত বিধায়ক বিশ্বজিৎ ফুকনে ৰাইজৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিলে। অনাগত দিনত সৰুপথাৰ তথা ধনশিৰিবাসী ৰাইজৰ মাজত এই মহকুমা চিকিৎসালয়খনে চিকিৎসাৰ ক্ষেত্ৰত সকলোধৰণৰ সুবিধা প্ৰদান কৰিব। আজি এই অনুষ্ঠানত বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, গোলাঘাট জিলাৰ জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, বড়ো কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্ৰতীম বৰা, যুটীয়া স্বাস্থ্য সঞ্চালককে ধৰি কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে। এই আধাৰশিলা মুকলি অনুষ্ঠানৰ পিছত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰ দক্ষিণ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সভা গৃহত অনুষ্ঠিত হোৱা এখনি সভাত ভাগ লয়।

Show More

Leave a Reply

Your email address will not be published.

Back to top button