অসম

সৰুপথাৰ অঞ্চলৰ অভিভাৱকস্বৰূপ সংস্কৃত পণ্ডিত অৱনিধৰ দেৱ শৰ্মাৰ দেহৱসান।

সংবাদদাতা, ধনশিৰি :- এটি যুগৰ অৱসান। সৰুপথাৰ নগৰৰ ৪নং ৱাৰ্ডৰ নিৱাসী ধৰ্মীয়প্ৰাণ ব্যক্তি অৱনিধৰ দেৱ ৰ্শমা আৰু নাই। তেখেতে ৫জুন তাৰিখ শনিবাৰে নিশা ১১ বজাত নিজা বাসগৃহত ৯২বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে।

তেওঁ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতিষ্ঠা কালৰে পৰা (সংস্কৃত বিষয়ৰ) শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছিল। অৱনিধৰ দেৱ শৰ্মা সৰুপথাৰ বুলিয়েই নহয় সমগ্ৰ গোলাঘাট জিলাতেই জনপ্ৰিয় ধৰ্মীয়প্ৰাণ ব্যক্তি আছিল। সৰুপথাৰ অঞ্চলৰ সকলো

ধৰ্মীয় কাম-কাজৰ লগত তেখেতে জড়িত হৈ অঞ্চলটিৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ক্ষেত্ৰখনক আগুৱাই নিছিল। জীৱন গঢ়াৰ কৌশল, বিশেষকৈ তেওঁৰ জ্ঞানৰ প্ৰতিটো বাণীয়ে সফলতাৰ বাটত আগুৱাই যোৱাত সকলোকে সহায় কৰিছিল। ভক্তিমাৰ্গৰ সংস্কাৰ

সাধন কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক আত্মিক বিকাশৰ সুবিধা প্ৰদান কৰা, মানৱ সম্পদক গঢ় দিয়া এজন শিক্ষাবিদ তথা অভিভাৱক স্বৰূপ ব্যক্তিৰ মৃত্যুত সমগ্ৰ ধনশিৰি মহকুমাতেই শোকৰ ছাঁ পৰে। তেখেত “সংস্কৃত ছাৰ” হিচাবে জনাজাত আছিল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: