অসম

সৰুপথাৰ নাহৰণীত “ব্ৰাইডেল মেকআপ” প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি

সংবাদদাতা, ধনশিৰি:- বৰ্তমান যুগত সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত মেকআপৰ জনপ্ৰিয়তা দৈনিক বৃদ্ধি পাইছে। মেকআপে মানুহক অধিক সুন্দৰ কৰি তুলে। বিশেষকৈ নাৰী সমাজত মেকআপৰ গুৰত্ব অধিক। ইতিমধ্যে মেকআপৰ দ্বাৰা সুন্দৰভাৱে উপাৰ্জন কৰি পুৰুষৰ লগতে বহু যুৱতীও স্বাৱলম্বী হোৱা দেখা গৈছে। আজিকালি অসমতো বিশেষকৈ বিয়াত কন্যা সজোৱাৰ ক্ষেত্ৰত নানান অত্যাধুনিক মেকআপ ব্যৱহাৰ কৰা দেখা যায়। গ্ৰামাঞ্চলত মেকআপ কৰাৰ ক্ষেত্ৰত কন্যাক সজাবলৈ বাহিৰৰ পৰা মেকআপ আৰ্টিছ মাতিবলগীয়া হয়। সেয়েহে সৰুপথাৰ নাহৰণীত কন্যা সজোৱাৰ ক্ষেত্ৰত যাতে মেকআপ আৰ্টিছ বিচাৰি ঘূৰি ফুৰিবলগীয়া নহয় আৰু মহিলাসকল মেকআপৰ জৰিয়তে যাতে স্বাৱলম্বী হ’ব পাৰে তাৰে উদ্দেশ্যৰে ধনশিৰি মহকুমা বীৰ লাচিত সেনাৰ মহিলা পৰিষদে সৰুপথাৰ আঞ্চলিকৰ সহযোগত “ব্ৰাইডেল মেকআপ”ৰ চাৰিদিনীয়াকৈ এক বিশেষ প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰে।

গুৱাহাটীৰ পৰা অহা প্ৰশিক্ষক লুনা গগৈৰ দ্বাৰা প্ৰশিক্ষণ দিয়া এই প্ৰশিক্ষণ শিৱিৰৰ আজি সফল সমাপ্তি ঘটে। সৰুপথাৰ অঞ্চলৰ বহুকেইগৰাকী যুৱতী আৰু মহিলাই এই প্ৰশিক্ষণ শিবিৰত ভাগ লৈ সুন্দৰভাৱে ব্ৰাইডেল মেকআপ কৰাৰ নিয়মাৱলী আয়ত্ত কৰে। প্ৰশিক্ষণত ভাগ লোৱা সকলোৱেই আজি এগৰাকীকৈ যুৱতীক তেওঁলোকে এই ব্ৰাইডেল মেকআপৰ দ্বাৰা কন্যা সজাই নিজৰ দক্ষতা সুন্দৰভাৱে দেখুৱায়। বাহিৰলৈ নোযোৱাকৈয়ে এনেধৰণৰ গুৰুত্বপুৰ্ণ এটা প্ৰশিক্ষণ নিজৰ ঠাইতে লবলৈ পায় সকলো যুৱতী আৰু মহিলাই আনন্দ প্ৰকাশ কৰে। প্ৰশিক্ষণত প্ৰশিক্ষণৰ অন্তত সকলোকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। মেকআপৰ জড়িয়তে মহিলাসকলক স্বাৱলম্বী কৰি তুলিবৰ বাবে বীৰ লাচিত সেণাৰ ধনশিৰি মহিলা পৰিষদে লোৱা এই মহান পদক্ষেপক সৰুপথাৰ অঞ্চলৰ যথেষ্ট সংখ্যক মহিলাই প্ৰশংসা আৰু শলাগ জনায়। অনাগত দিনত তেওঁলোকে মহিলাসকলক স্বাৱলম্বী কৰি তুলিবৰ বাবে আৰু এনেধৰণৰ পদক্ষেপ ল’ব বুলি জানিবলৈ দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: