অসম

হাঁওফাওঁৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত টংলাৰ মেধাৱী ছাত্ৰী সুৰঞ্জনা বসুমতাৰী

মুখ্যমন্ত্ৰী সহায় কৰিবলৈ আহ্বান পৰিয়াল লোকৰ

সংবাদদাতা, টংলা: – মানুহে মানুহৰ বাবে, যদিহে অকণো নেভাৱে, ভাবিব কোনেনো কোৱা সমনীয়া… হয়, টংলা জালুকবাৰী পানীটেংকীৰ নিবাসী পিতৃ ৰাজু কুমাৰ বসুমতাৰী আৰু মাতৃ প্ৰণীতা শৰ্মাৰ একমাত্ৰ কন্যা সুৰঞ্জনা বসুমতাৰী (২৯)য়ে বিগত তিনিমাহে হাঁওফাঁওৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে গুৱাহাটী, শ্বিলংৰ পিছতে দিল্লীস্থিত এইমছত চিকিৎসাধীন হৈছে যদিও কোনো ধৰণৰ সুফল পোৱা নাই। বৰ্তমান সুৰঞ্জনাৰ উন্নত চিকিৎসা কৰিব হাৰিয়ানালৈ চাৰ্জাৰীৰ বাবে যাবলৈ নিৰ্দেশ চিকিৎসকে।

কিন্তু জটিল চাৰ্জাৰীটোৰ বাবে প্ৰায় নগদ ১১ লাখ টকাৰ প্ৰয়োজন হৈছে পৰিয়ালৰতিক। যিখিনি টকা এতিয়া যোগাৰ কৰাত বাধাৰ সন্মুখীন হৈছে পৰিয়ালতি। ঘৰৰ একমাত্ৰ উপাৰ্জন কৰোঁ‌তা সুৰঞ্জনাৰ বৰ্তমান মঙ্গলদৈৰ উপহুপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী যদিও দৰমহাৰ টকাৰে ঘৰ চলোৱাত অসুবিধাহৈ ঋণত বহু টকা ধাৰে লব লগা হৈছে। বৰ্তমান পৰিয়ালতো মাক লগতে ভায়েক দেৱৰাজ শৰ্মা একে লগে আছে। আনহাতে পিতৃ ৰাজকুমাৰ বসুমতাৰীয়ে নিজৰ ঘৈণী, ছোৱালীক কোনো ধৰণৰ চোৱা চিতা নকৰে।

যাৰ ফলত এজনী খুৱ স্ব:নিৰ্ভৰশীল আৰু মেধাৱী ছোৱালী সুৰঞ্জনা বৰ্তমান অৰ্থৰ অভাৱতে ঘৰত ৰোগৰ স’তে যুঁজিবলগীয়া হোৱাটো সঁ‌চাকৈয়ে বৰ দুৰ্ভাগ্যজনক। আনহাতে মাতৃ প্ৰণীতা শৰ্মাও শাৰীৰিক ভাবে সুস্থ নহয়। সেয়েহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈ আহ্বান জনাইছে পৰিয়াল লোকে। লগতে কোনো সুহৃদ লোকে যদি কিঞ্চিৎ পৰিমাণে হ’লেও অৰ্থৰ যোগান ধৰে এয়া তাইৰ বাবে সঞ্জীৱনী শক্তিৰ দৰে হ’ব। তাইক সহায় কৰিব বিচাৰিলে Suranjana Basumatary, Account no- 31066676663
IFSC code: SBIN0007118, Branch: Tangla ত বেংকযোগে বা 7086385452 নম্বৰত যোগাযোগ কৰিব পাৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: