সময়ৰ কলম

হাঁহিৰে আদৰোঁ আহক ২০২২ বৰ্ষক

দুলুমণি গগৈ

কুঁৱলীৰ আঁৰে আঁৰে পৃথিৱীৰ বুকুলৈ নামি আহিছে এটি সম্ভাৱনাময় নৱবৰ্ষ ২০২২। আমাৰ সকলোৰে জীৱনৰ সুখ-দুখ, হাঁহ-কান্দোন, সফলতা-বিফলতা আদিক আঁকোৱালি লৈ সময়ৰ বুকুত বিলীন হৈ গ’ল ২০২১ বৰ্ষ। আমি নিবিচাৰিলেও সময়ে হাতত দণ্ড লৈ নিজৰ নিয়ম মানি ধ্বজা উৰুৱাবলৈ চিৰ প্ৰবাহমান গতিত আগুৱাইছে। সময় বৈ যায় অনন্ত কাললৈ। মাথোঁ খোদিত কৰি ৰাখে মানুহৰ অমূল্য কৰ্মৰাজি। সময়ে ক্ষণে ক্ষণে মানুহক সতৰ্ক কৰি দিয়ে যে দিন, মাহ, ঘণ্টা, মিনিট আহে আৰু যায়।               

সময়ে ডেউকাত বান্ধি আনে নতুনৰ বাতৰি। পুৰণি আঁতৰি যায়, নতুনে খোপনি লয়। নতুন বছৰ আহিলে আমাৰ মন যেনেদৰে আনন্দ উলাহেৰে ভৰি পৰে, ঠিক তেনেদৰে বিষাদ বেদনাই আৱৰি ধৰে। কাৰণ হেৰাই যোৱা দিনবোৰ আমি আৰু ঘূৰাই নাপাম।গতিশীল সময়ৰ বোকোচাত উঠি পুৰণি আঁতৰি গৈ হেৰাই যায় অতীতৰ বুকুত।               

প্ৰতিটো বছৰেই ঘটনাবহুল। প্ৰতি মুহূৰ্ততে ঘটে বহুত ঘটনা। ইয়াৰে কিছুমানে কঢ়িয়াই আনে সুখৰ বতৰা, আন কিছুমানে দি যায় দুখৰ হুমুনিয়াহ। সময়ৰ সোঁতত হেৰাই যায় পল-অনুপল। ইয়াৰে কিছুমান ঘটনা ৰৈ যায় স্মৃতিত। কৰ’না আৰু লকডাউনৰ বাবে ২০২১ বৰ্ষটো সমগ্ৰ বিশ্ববাসীৰ বাবে আছিল বহুত প্ৰত্যাহ্বানৰ বছৰ। বহু লোকে হেৰুৱালে আপোনজনক। নতুন বছৰটোত সকলোৰে আশা সামৰণি পৰিব কৰোণাৰ সংহাৰ।             

আমাৰ বিনন্দীয়া পৃথিৱীখনৰ চৌদিশে যদিও একেই অস্থিৰতা, তথাপি আমি আশা কৰোঁ নতুন বছৰ শুভ হওক। নেতিবাচক চিন্তা পৰিহাৰ কৰি ইতিবাচক চিন্তাৰে আমি আগুৱাই যাব লাগিব। নতুন বছৰটোৰ নতুন চিন্তা, নতুন প্ৰেৰণা, নতুন উদ্যমেৰে ভৰাই তোলক সকলোৰে জীৱন। শান্তিৰ পৰিৱেশ ঘূৰাই আনি সকলোকে যেন প্ৰেম আৰু ভাতৃত্ববোধৰ ডোলেৰে বান্ধি পেলাওক। নৱবৰ্ষৰ ন কিৰণে সকলোলৈ কঢ়িয়াই আনক শান্তিৰ বতৰা। বিদায় ২০২১।স্বাগতম ২০২২…….।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: