অসম

হাউলীত আৰক্ষীৰ উদ্যোগত ভলীবল বিতৰণ

সংবাদদাতা, হাউলী:- হাউলীৰ গ্ৰামাঞ্চলৰ খেলুৱৈ সকলক উৎসা জগাবলৈ হাউলী আৰক্ষীয়ে হাতত লৈছে বিশেষ পদক্ষেপ। হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাৰ নেতৃত্বত হাউলীৰ যুৱ সমাজকৰ্মী মোতালেব আলীৰ সহযোগত আজি হাউলীৰ জয়পুৰ, জয়েনবজাৰ আৰু মহিশবাতানত কেবাইগৰাকী স্থানীয় খেলুৱৈ দলৰ মাজত বিতৰণ কৰা হয় বলীবল আৰু খেলৰ সামগ্ৰী। আনহাতে পৰ্যায় ক্ৰমে হাউলী অঞ্চলৰ আন আন গাঁও সমূহত বলীবল বিতৰণ কৰা হ’ব বুলি জানিবলৈ দিলে হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে। উল্লেখ্য হাউলী আৰক্ষী থানাৰ অন্তৰগত ভিতৰোৱা গাঁও সমূহৰ প্ৰতিভাৱান খেলুৱৈসকল ক্ৰীড়া ক্ষেত্ৰত আগবঢাই অনাৰ বাবে এনেদৰে ভলীবল বিতৰণ কৰে আৰক্ষীয়ে। হাউলী আৰক্ষীৰ এনে পদক্ষেপক স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button