অসম

হাউলীত সশস্ত্ৰ সীমা বলত কৰ্মৰত মহিলাৰ সুৰক্ষা বিষয়ক কৰ্মশালা

সংবাদদাতা, হাউলী:- হাউলীত অৱস্থিত ৬৪ বেটেলিয়ন সশস্ত্ৰ সীমা বলৰ মুখ্য কাৰ্যালয়ত “কৰ্মৰত মহিলা সকলৰ সুৰক্ষা তথা অনুকূল বাতাবৰণ” বিষয়ক এখন কৰ্মশালা আজি সফলতাৰে সম্পন্ন হয়। বাহিনীটোৰ ৬৪ বেটেলিয়নৰ উপৰি ২৭ আৰু ২৪ নং বেটেলিয়নৰো মুঠ প্ৰায় ৭০ গৰাকী মহিলা জোৱানে অংশগ্ৰহণ কৰা কৰ্মশালাৰ উদ্বোধন কৰি দিয়া ভাষণত বাহিনীটোৰ অধিনায়ক নন্দ কিশোৰ তামতাই কয় যে, আমাৰ মানসিকতাৰ পৰিবৰ্তন নহলে কোনো আইনে কাকো সম্পূৰ্ণ সুৰক্ষা দিব নোৱাৰে। তেওঁ সশস্ত্ৰ সীমা বলত মহিলাৰ বাবে অনুকূল পৰিবেশ আছে বুলি দাবী কৰে। এই কৰ্মশালাত বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই কয় যে, আজিৰ পৰা ২০ বছৰ পূৰ্বে সুৰক্ষা বাহিনীত মহিলাৰ মকৰল অসম্ভৱ বুলি ভৱা হৈছিল। কিন্তু আজি সশস্ত্ৰ সীমা বলতে পাঁচ শতাংশৰ অধিক স্থান মহিলাই দখল কৰি নিজৰ কঠিন দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ সক্ষম হৈছে। অনাগত দিনবোৰত এই বাহিনী সমূহতো অন্ততঃ এক চতুৰ্থাংশ পদ মহিলাই পূৰণ কৰাটো নিশ্চিত বুলি দাবী কৰি কয় যে, কিন্তু এই ক্ষেত্ৰত কিছু সমস্যাও নোহোৱা নহয়। কৰ্মক্ষেত্ৰত তেওঁলোক যৌন আতিশয্যৰ সন্মুখীন হোৱাৰ আশংকা বা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখিয়ে কেন্দ্ৰীয় চৰকাৰে “কৰ্মক্ষেত্ৰত যৌন আতিশয্যৰ পৰা মহিলাৰ সুৰক্ষা আইন ২০১৩” প্ৰণয়ন কৰিছে বুলি তেওঁ উল্লেখ কৰে। এই আইনখনৰ বিভিন্ন ধাৰাৰো তেওঁ ব্যাখ্যা দাঙি ধৰি তেওঁ লগতে ইয়াৰ অপ-ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোকে আহ্বান জনায়। তেওঁ কয় যে, কৰ্মৰত মহিলা সকলে নিষ্ঠা, সততা আৰু সাহসেৰে নিজৰ দায়িত্ব পালন কৰি গ’লে কৰ্মক্ষেত্ৰত এটা অনুকূল পৰিবেশৰ সৃষ্টি কৰি লব পাৰিব। আন এগৰাকী অতিথি জিলা আইন প্ৰাধিকাৰীৰ সচিব শ্বৰিফ উদ্দিন আহমেদ পাঠানে আইনখনৰ বিস্তৃত ব্যাখ্যাৰে কয় যে, এতিয়া আৰু মহিলা সকলে ভয় কৰি থাকিব নালাগে। এই ক্ষেত্ৰত কোনোৱে সমস্যাৰ সন্মুখীন হলে জিলা আইন সেৱা প্ৰাধিকাৰী সাহায্যৰ বাবে আগবাঢ়ি আহিব বুলি তেওঁ জানিবলৈ দিয়ে। উপ-অধিনায়ক সন্দীপ পুনীয়াই আঁতধৰা সভাখনত স্থানীয় মিলনজ্যোতি মহিলা উন্নয়ন সংস্থাৰ প্ৰতিনিধি অধিবক্তা ফাতিমা খাটুনেও ভাষণ দিয়ে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button